Local, Vocal, Global

স্মাৰ্ট চিটি নে ফ্লাড চিটি, কেতিয়া সম্পূৰ্ণ হ’ব স্মাৰ্ট চিটি প্ৰকল্প ?

নিউজ ডেস্ক, ১৫ জুন : কৃত্ৰিম বানপানী‌ আৰু মুষলধাৰ বৰষুণত স্তব্ধ ব্যস্ত মহানগৰীৰ জনজীৱন। ঠায়ে ঠায়ে মহানগৰীৰ কৃত্ৰিম বান শুকালেও মহানগৰীত কৃত্ৰিম বানৰ পৰস্থিতি এতিয়াও উন্নত হোৱা নাই। চান্দমাৰি , জুৰোড, অনিল নগৰ ,নবীন নগৰ, কাহিলীপাৰা , হাতীগাঁও , চাৰভে, ৰাজগড়কে ধৰি বহু কেইটা অঞ্চল এতিয়াও পানীৰ তলত।

কিন্তু কেতিয়া সম্পূৰ্ণ হ’ব স্মাৰ্ট চিটি প্ৰকল্প আৰু নিৰ্বাচনৰ আগত বিজেপি মন্ত্ৰী আমোলাৰ অপৰাধ মুক্ত, বানমুক্ত বিকশিত গুৱাহাটীৰ ডিঙিৰ শিৰ ফোলোৱা ডাঙৰ ডাঙৰ মন্তব্যবোৰ।

গুৱাহাটীত ২০১৬ চনতে প্ৰথম আৰম্ভ হৈছিল স্মাৰ্ট চিটী প্ৰজেক্টৰ কাম ৷ কিন্তু বৰ্তমান সময়ত স্মাৰ্ট চিটিৰ ৰাষ্টাত গাড়ীৰ পৰিৱৰ্তে চলিছে উদ্ধাৰকাৰী নাও।

প্ৰথমাৱস্থাত কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট চিটী প্ৰকল্পৰ বাবে নিৰ্বাচন কৰা দেশৰ ২০ খন চহৰৰ ভিতৰত অন্যতম আছিল গুৱাহাটী ৷ এই স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত লোৱা হৈছিল কেবাটাও অভিনৱ প্ৰকল্প ৷ স্মাৰ্ট চিটী প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ গঠন কৰা হৈছিল গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড ৷ গুৱাহাটীক স্মাৰ্ট চিটীৰ ৰূপ দিবলৈ বাজেট নিৰ্ধাৰণ কৰা হৈছিল ২,২৯৬ কৌটি টকা ৷ ইয়াৰে ১,৬৯৬ কৌটি টকাই গুৱাহাটীৰ অঞ্চলভিত্তিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ কথা আছিল ৷ প্ৰথমতে উল্লেখ কৰা প্ৰকল্পসমূহ আছিল এই পৰিকল্পনাৰ একো একোটা বিশেষ অধ্যায় ৷

প্ৰথম অৱস্থাত স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত আৰম্ভ কৰা চাৰিটা প্ৰকল্প আছিল –
১) Gandhi Mandapত ৰাষ্ট্ৰীয় পতাকা স্থাপন ৷ (ব্যয় ২.৯৩ কৌটি টকা )
২) গান্ধী মন্দপত পাৰ্ক স্থাপন ৷ (ব্যয় ২.৯৩ কৌটি টকা )
৩) মহানগৰীত ২০ টা Watar ATM স্থাপন ৷ (ব্যয় ২.০৯ কৌটি টকা )
৪) ২১ টা Bio’ Toilet নিৰ্মাণ ৷ (ব্যয় ৯.৫৩ কৌটি টকা )

ইয়াৰ বাহিৰেও পথত LED লাইট স্থাপন , ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধন , উমানন্দ মন্দিৰ , অশ্বক্লান্ত দেৱালয়ৰ উন্নয়নৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছিল যদিও সেই কাম আজিও আধৰুৱা হৈ আছে ৷

অসম চৰকাৰে গুৱাহাটীত Park আৰু Over Bridge নিৰ্মাণ কৰি থকা সময়ত Bhopal Smart City Development Corporation Limited (BSCDCL) এ মুকলি কৰিছে ভাৰতৰ প্ৰথমটো জলবায়ু ভিত্তিক Integrated Control and Command Centre আৰু Disaster Recovery Center and Integrated Control and Command Centre ৷ যিয়ে নগৰখনত নাগৰিকে লাভ কৰি থকা সুবিধা – অসুবিধাসমূহ নিৰীক্ষণ কৰাত Madhya Pradesh চৰকাৰক সহায় কৰিব ৷