বৰপেটা ৰিণিমা হত্যাকাণ্ডৰ নতুন মোৰ, বৌয়েকসহ আটক ছয় যুৱক

নিউজ ডেস্ক, ২৪ মাৰ্চ : ক্ৰমাৎ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা ৰিণিমা বেগমৰ হত্যাৰ ঘটনা। সোমবাৰে সন্ধিয়া বৰপেটা চহৰৰ মাজ মজিয়াত কোনো দুৰ্বৃত্তৰ দ্বাৰা হত্যাৰ বলি হৈছিল ৰিণিমা বেগম। এই হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীক এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই বৰপেটা আৰক্ষীয়ে।
অৱশ্যে এই হত্যাকাণ্ডৰ লগত জড়িত কেইবাটাও ক্লু লাভ কৰিছে আৰক্ষীয়ে। ৰিণিমা বেগমৰ জ্যেষ্ঠ ভগ্নীৰ ভাষ্যৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা নিশাই বৰপেটাৰ আজাদ নগৰৰ আব্দুৰ ৰহমান আৰু ডাঃ মকদম আলীক আটক কৰিছিল।
উল্লেখযোগ্য যে, আব্দুৰ ৰহমান আৰু ডাঃ আলীক আৰক্ষীয়ে মাৰাথন জেৰা চলাইছে যদিও হত্যাকাণ্ডত জড়িত থকা কোনো নিশ্চিত তথ্য উদ্ধাৰ কৰা নাই। এই দুই অভিযুক্তক আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয়।
ইতিমধ্যে, বৰপেটা আৰক্ষীয়ে ৰিণিমা বেগমৰ বৌয়েক মুনমুন বেগম সহ বনবৰীয়া গাঁওৰ পৰা আন তিনিজন যুৱকক আটক কৰে। ৰিণিমাৰ বৌয়েকক আটক কৰাৰ পিছত নতুন মোৰ লয় এই হত্যাকাণ্ডৰ ঘটনাই । আটক কৰা তিনিজন যুৱক ক্ৰমে জাকিৰ আলী, অজানুৰ আলী আৰু বাপন আলী । বাপন আলী নামৰ অভিযুক্ত জন পলাই যদিও পাছত বৰপেটা সদৰ আৰক্ষী থানাত নিজে আত্মসমৰ্পণ কৰে।
উল্লেখযোগ্য যে, ভূমি বিবাদ সন্দৰ্ভতে ৰিণিমা বেগমক হত্যা কৰা বুলি অভিযোগ পৰিয়ালৰ লোকৰ। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ ক্ষেত্ৰত অধিক তদন্তৰ আওতালৈ আনিছে।