Local, Vocal, Global

Helicopter crash in Nepal : নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত , ৫ বিদেশী যাত্ৰীসহ ৬ জনৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১১ জুলাই : নেপালত সন্ধানহীন হৈছিল এখন হেলিকপ্টাৰ (Helicopter crash in Nepal)। নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত প্ৰথমতে নিৰুদ্দেশ হৈছিল ৬জন যাত্ৰীসহ এখন হেলিকপ্টাৰ । মঙলবাৰে পুৱা ১০ বজাত কাঠমাণ্ডুৰ পৰা ছুলুখুম্ভুলৈ উৰা মাৰিছিল এখন হেলিকপ্টাৰে (Mount Everest region in Nepal)। উৰণৰ ১২ মিনিটৰ পাছতেই সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত হেলিকপ্টাৰখন সন্ধানহীন হোৱাৰ কথা অৱগত কৰিছিল বিভাগীয় কৰ্তৃপক্ষই।

ইয়াৰ পাছতেই সন্ধানহীন হেলিকপ্টাৰখনৰ উদ্ধাৰ অভিযানত নামি পৰিছিল নেপালৰ বায়ুসেনা । আৰু প্ৰায় আঢ়ৈ ঘণ্টাজোৰা অভিযানৰ পাছত অৱশেষত উদ্ধাৰ কৰা হয় হেলিকপ্টাৰখন । উল্লেখ্য হেলিকপ্টাৰখনত আছিল ৬ জনকৈ যাত্ৰী। আনহাতে ৬ জন যাত্ৰীৰ ৫ জনেই আছিল বিদেশী নাগৰিক।

‘মানং এয়াৰ’ৰ হেলিকপ্টাৰখনে মাউণ্ট এভাৰেষ্টৰ আশে-পাশে থকা অঞ্চলৰ পৰা বিদেশী যাত্ৰীক লৈ গৈছিল । হেলিকপ্টাৰখনত আছিল এজন কেপ্তেইনৰ লগতে ৫ জন বিদেশী যাত্ৰী। জানিব পৰা মতে, হেলিকপ্টাৰখনৰ বিদেশী যাত্ৰীকেইজন মেক্সিকোৰ নাগৰিক আছিল।

হেলিকপ্টাৰখন কাঠমাণ্ডুলৈ উভতি যোৱাৰ কথা আছিল। কিন্তু মাজতে নিয়ন্ত্ৰণ টাৱাৰৰ সৈতে সংযোগ হেৰাই যোৱাৰ লগে লগে এই হেলিকপ্টাৰখনক কেন্দ্ৰ কৰি জল্পনা-কল্পনা আৰু আশংকাৰ সৃষ্টি হয় । পিছত নেপালৰ এটা স্থানীয় চেনেলে হেলিকপ্টাৰখনে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ খবৰ দিয়ে ।

উল্লেখ্য যে ৬ জনীয়া হেলিকপ্টাৰখন দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল । জানিব পৰা মতে, সেই হেলিকপ্টাৰত থকা আটাইকেইজন লোকৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে। প্ৰায় ১০ বজাত হেলিকপ্টাৰখনৰ কন্ট্ৰল টাৱাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে । অৱশেষত উদ্ধাৰ হ’ল নেপালৰ আকাশমাৰ্গত সন্ধানহীন হোৱা হেলিকপ্টাখন ।

লগতে পঢ়ক : School bus-car collision in Delhi : পুৱাই স্কুল বাছত প্ৰচণ্ড খুন্দা SUV ৰ, দুৰ্ঘটনাত ২ শিশুসহ কমেও ৬ জন লোক নিহত