পুনৰ হেদায়েতপুৰত ড্ৰাগছ জব্দ-আটক ৬ জনকৈ ড্ৰাগছ পেডলাৰ

নিউজ ডেস্ক, ৩মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অভিযান। পুনৰ হেদায়েতপুৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। লটাশিল আৰক্ষীৰ অভিযানত হেদায়েতপুৰৰ এটা ভাৰাঘৰৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।
এই অভিযানত আৰক্ষীয়ে আটক কৰে ৬জনকৈ ড্ৰাগছ পেদলাৰক। ইয়াৰে তিনিজনক গ্ৰেপ্তাৰ কৰে লটাশিল আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ৰহিম আলী, ৰহিলা বেগম আৰু নিজাম আলী। লগতে আৰক্ষীৰ জেৰাত আন এজন ড্ৰাগছ মাফিয়াৰ নাম লৈছে ৰহিম আলীয়ে। কটাহবাৰীৰ চেম্পেয়ন বাবুৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰে বুলি উল্লেখ কৰিছে ৰহিম আলীয়ে।