Local, Vocal, Global

শিৱসাগৰ আৰু যোৰহাট আৰক্ষীৰ জালত গাড়ী চুৰি চক্র

শিৱসাগৰ আৰু যোৰহাট আৰক্ষীৰ যুটীয়া অভিযানত জালত পৰিল এটা গাড়ী চুৰি চক্র। গাড়ী চুৰি চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ এখন চুৰি বলেৰ’, মেস্ক পিক আপ ভান আৰু চুৰিত ব্যৱহৃত এখন মটৰ চাইকেল।  অভিযানকাৰী আৰক্ষীৰ দলটোৱে বুধবাৰৰ নিশা যোৰহাট, গোলাঘাট আৰু মেৰাপানীৰ কেইবাটাও স্থানত অতৰ্কিতে অভিযান চলাই কৰায়ত্ত কৰে চাৰিটাকৈ গভাইত চোৰ। আৰক্ষীৰ জালত পৰা চোৰ কেইটা ক্ৰমে ইন্দ্ৰ দাস, সুমন শৰ্মা, দীপক দাস, এলিহাজাৰ গনক, জিচকেল বনিয়া। উল্লেখযোগ্য যে বিগত কেইটামান দিনৰ পূর্বে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বিশাল মেগা মাৰ্টৰ সন্মুখৰ পৰা চুৰি হৈছিল এখন বলেৰ’ মেস্ক পিক আপ ভান। আৰক্ষীয়ে বুধবাৰে নিশা চুৰি চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰা চুৰি বলেৰ’ মেস্ক পিক আপ ভানখন।