Watch | Sivasagar shiv doll : শাওন মাহৰ প্ৰথম সোমবাৰৰ শিৱসাগৰ শিৱ দ’লত ভক্তৰ ভিৰ
শিৱসাগৰ: আজি অসমীয়া শাওন মাহৰ প্ৰথম সোমবাৰ । শিৱসাগৰ ঐতিহাসিক শিৱ দ’লত অগণন ভক্তপ্ৰাণ লোকৰ ভিৰ । পবিত্র শাওন মাহৰ এই সোমবাৰটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিৱ ভক্ত লোকে শিৱ দ’লত পানী,গাখীৰ ,ঢোপ ধূনা নৈবদ্যৰে পূজা অৰ্চনা কৰা দেখা গৈছে। এক কথাত উল্লেখ কৰিব পাৰি শিৱসাগৰ ঐতিহাসিক শিৱ দ’লৰ প্ৰাংগণ দ্বিতীয় বৈকুণ্ঠ থলীত পৰিণত হৈছে ।
আনহাতে ‘বল বম’ যাত্ৰী সকলেও নিশাৰ পৰা শিৱ দলৰ চৌশদত ভিৰ কৰিছে । উল্লেখযোগ্য যে উত্তৰ ভাৰতৰ বিক্ৰম পঞ্জিকা মতে আজি শাওনৰ ১১ দিন । সেই অনুসৰি আজি বিক্ৰম বৰ্ষৰ দ্বিতীয় সোমবাৰ ।
শিৱসাগৰ শিৱ দ’লৰ পৰা এক প্ৰতিবেদন ।
লগতে পঢ়ক: Watch | Boko news: অগনন ভক্তৰ লানি নিচিঙা সোত বকোৰ যমুনেশ্বৰ শিৱালয়ত