Local, Vocal, Global

Watch | Sivasagar ONGC : শিৱসাগৰৰত ONGCৰ তেল পৰিবাহী পাইপ ফুটি নিৰ্গমন হৈছে খাৰুৱা তেল

গেলেকী: শিৱসাগৰৰ বাৰীচুকত থকা অ’এন‌ জি চিৰ গেছ নিৰ্গমন কাণ্ডৰ ঢৌ মাৰ নৌযাওঁতেই এইবাৰ ONGCৰ তেল পৰিবাহী পাইপ ফুটি নিৰ্গমন হৈছে খাৰুৱা তেল।
ঘটনাৰ স্থান হৈছে মেছাগড়ৰ আমকটীয়া পথাৰ। পাইপ ফুটি নিৰ্গমন হৈছে খাৰুৱা তেল যাৰ ফলত অনিষ্ট হৈছে প্ৰায় পাঁচশ (৫০০) বিঘা কৃষি ভূমি।
কৃষিপ্ৰধান ৰাজ্য অসমত এতিয়া ভৰ খেতিৰ বতৰ।এই আমকটীয়া চুকৰ প্ৰায়সংখ্যক লোকৰে প্ৰধান জীৱিকা হৈছে কৃষিকৰ্ম।কিন্তু,অহৰহ গেচ’লিন নিৰ্গত হৈ থকাত পথাৰৰ মাটিৰ উৰ্বৰতা কমি গৈ খেতিৰ বাবে অনুপযোগী হৈ পৰাৰ লগতে পানীত থকা জীৱকূল মাছ-কাছ আদিলৈ সংকত কঢ়িয়াই আনিছে।

পোহনীয়া ৰাজহাঁহ পৰ্যন্ত মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে । আনহাতে অ’ এন জি চিয়ে কৰা অনিষ্টৰ ক্ষতিপূৰণ দিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। ওলোটাই,তেল নিৰ্গমনৰ প্ৰমাণ নাইকীয়া কৰিবলৈ চেষ্টা কৰাহে বুলি অভিযোগ কৰিছে ৰাইজে।

লগতে পঢ়ক: Watch | Archita ohukan viral video : অৰ্চিতা ফুকনৰ নাম নাম লৈ ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত