Watch | Sivasagar news : নামঘৰৰ নামঘৰীয়া আৰু মছজিদৰ ইমামে ফিটা কাটি মুকলি কৰিলে দলং
নিউজ ডেস্ক: নামঘৰৰ নামঘৰীয়া আৰু মছজিদৰ ইমামে ফিটা কাটি মুকলি কৰিলে দলং। শিৱসাগৰৰ জিলাৰ নামদাং নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে কাঠ-বাঁহৰ দলং। শিৱসাগৰ আৰু নাজিৰা সমষ্টিক সংযোগ কৰা দলংখনে উপকৃত কৰিব অৰ্ধ-শতাধিক গাঁৱৰ ৰাইজক । চৰকাৰী আঁচনিলৈ বাট নাচাই হাতে-কামে লাগি পকেটৰ টকাৰে দলং নিৰ্মাণেৰে স্থানীয় লোকসকলে দাঙি ধৰিলে মহানুভৱতাৰ নিদৰ্শন।