Local, Vocal, Global

Sivasagar News: টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত পঞ্চদশ ৰংপুৰ মেলা

শিৱসাগৰ,১৫জানুৱাৰী : আজি পহিলা মাঘ।তাই আহোম যুৱ পৰিষদৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো উদযাপন কৰা হৈছে ৰংপুৰ মেলা।

ঐতিহাসিক ৰংঘৰৰ বাকৰিত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি-পৰম্পৰাৰে মুখৰিত হ’ব ৰংঘৰ।বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীত প্ৰদৰ্শনৰ লগতে ৰংঘৰৰ গাতে লাগি থকা ৰূপহী পথাৰত সম্পন্ন হ’ল পৰম্পৰাগত ম’হ যুঁজ। তেজাল ম’হৰ প্ৰচণ্ড যুঁজ উপভোগ কৰিলে হাজাৰ হাজাৰ লোকে(Sivasagar News)।

পুৱা পতাকা উত্তোলন আৰু মৈদাম তৰ্পনৰ দ্বাৰা ৰংপুৰ মেলাৰ শুভাৰম্ভ হয়।তাৰ পাছত অনুষ্ঠিত হয় বিভিন্ন সংস্কৃতিৰ নৃত্য প্ৰদৰ্শন।অসমীয়া,বড়ো,মিছিং, চাহ জনগোষ্ঠী, তাই আহোম,টিৱা,ৰাভা,নগা আদি বিভিন্ন জনগোষ্ঠীৰ বহুৰঙী সংস্কৃতিৰ প্ৰদৰ্শনৰ মাজেৰে জীপাল হৈ পৰে ৰংঘৰৰ বাকৰি।