Watch | Sivasagar news:৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰত
শিৱসাগৰ : কাইলৈ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ জনতা সাজু হৈছে এই দিনটো ধুমধামেৰে উদযাপন কৰিবৰ বাবে। এই উপলক্ষে কেইবাটাও দিনৰ আগৰেপৰা বিভিন্ন স্থানত ৰূপায়ণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী। শিৱসাগৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত আজি ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয়। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমুখৰ পৰা বাহিৰ কৰা এই ত্ৰিৰংগা যাত্ৰাৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত আয়ুষ গৰ্গে। ১০০ ৰো অধিক দুচকীয়া বাহনৰ অংশগ্ৰহণেৰে বাহিৰ কৰা এই ত্ৰিৰংগা যাত্ৰাত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ, চৰকাৰী বিভাগসমূহৰ বিষয়া কৰ্মচাৰীৰ লগতে সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে।
এই ত্ৰিৰংগা যাত্ৰা জিলা আযুক্তৰ কাৰ্যালয়ৰ পৰা বাহিৰ হৈ শিৱসাগৰ নগৰেদি দিখৌ দলং, ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ আদি অঞ্চলেৰে পৰিভ্ৰমণ কৰি পুনৰ শিৱসাগৰ পুখুৰীৰ পাৰত সামৰণি পৰে।