Local, Vocal, Global

Watch | Sivasagar news: অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৪০ টা বছৰ ওকলিল, তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল

শিৱসাগৰ : অসম চুক্তি স্বাক্ষৰিত হোৱাৰ 40 টা বছৰ ওকলিল। তাৰ পাছতো এই চুক্তি সফল ৰূপায়ণ নহ’ল। প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ। 40 টা বছৰৰ পাছতো অসম চুক্তি ৰূপায়ণৰ বাবে শাসনলৈ অহা ৰাজনৈতিক দলসমূহে কোনোধৰণৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থালগ্ৰহণ নকৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে।

এনেদৰে মন্তব্য় কৰাৰ উপৰিও কয় যে অসম চুক্তিক প্ৰতাৰণাৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈহে ৰাজনৈতিক দলবিলাক উঠি পৰি লাগিল। অসমত বিদেশী সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অসম আন্দোলন আৰু পৰৱৰ্তী সময়ত স্বাক্ষৰিত অসম চুক্তিৰ সফল ৰূপায়ণ সঠিকভাৱে হোৱাহ’লেহে অসমত খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব আৰু অস্তিত্ব চিৰস্থায়ী হ’লহেঁতেন। কিন্তু অসম চুক্তি ৰূপায়ণ নকৰাৰ ফলত বাংলাদেশী বিদেশী আহি অসমীয়াৰ বৰঘৰত সোমালহি, অসমীয়াৰ প্ৰভুত্ব থকা অঞ্চলত জেহাদী মৌলবাদীৰ উত্থান ঘটিল, তথাপিও চৰকাৰ মৌন হৈ থাকিল। অসম আৰু অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবৰ বাবে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে ৰাজনৈতিক দলসমূহে সদিচ্ছা প্ৰকাশ কৰিব লাগে। অন্যথা অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব।

আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্বশৰ্মাকো সমালোচনা সমীৰণ ফুকনৰ। শ্বহীদক লৈ আছুৱে ৰাজনীতি নকৰে। শ্বহীদৰ ত্যাগক মৰ্যদা দিয়াৰ বাবে আছুৱে সংগ্ৰাম অব্যাহত ৰাখিছে বুলি মত সমীৰণ ফুকনৰ

লগতে পঢ়ক: Watch | Nagaon news: BTRৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান সভা