শিৱসাগৰত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস
সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাতো আজি উলহ মালহৰে উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস । শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। অনুস্থানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ পৰিবহন, উদ্যোগ-বাণিজ্য আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ’নাকেন্দ্ৰীক পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনা পালন কৰি জনসমাগম নোহোৱাকৈ সম্পূৰ্ণ সামাজিক দূৰত্ব পালন কৰি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো পালন কৰা হয় এই বিশেষ দিনটো।কৰ’নাৰ ভয়াৱহতাৰ বাবে এইবাৰ অংশগ্ৰহণ কৰা নাই NCC, স্কাউড-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।পূৰ্বৰ দৰে অনুস্থিত হোৱা কোনো ধৰনৰ সাংস্কৃতিক অনুষ্ঠান।