Sivasagar Bihu:শিৱসাগৰ বানমুখত উদুলিমুদুলি পৰিৱেশ
১২,জানুৱাৰী : ৰাজ্যৰ চৌদিশে এতিয়া উদুলিমুদুলি ।পদূলিমুখত হেঁপাহৰ ভোগালী বিহু, উৰুকালৈ মাজত মাত্ৰ এটা দিন।ৰাজ্যৰ চৌদিশে এতিয়া উদুলিমুদুলি ব্যস্ততাৰ অন্ত নাই । হাতে কামে লাগিছে সকলোৱে।যুৱক সকল যদি সাজিছে ভেলাঘৰ ,কোনোৱে মেজি বনোৱাত ব্যস্ত।সমান্তৰালভাৱে গৃহিণী সকলো পিঠাপনা বনোৱাত ব্যস্ত।শিৱসাগৰ বানমুখতো একে পৰিৱেশ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি।