Sister stabbed brother: ভাতৃৰ অন্তেষ্টিক্ৰিয়াত বাধা ককায়েকক
যোৰহাট:ভাতৃৰ অন্তেষ্টিক্ৰিয়াত বাধা ককায়েকক।কেৱল বাধাই নহয় চোকা অস্ত্ৰৰেৰে আঘাত ককায়েকক।এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাল্ব ৰড খেলমাটিত । নিজ ভাতৃৰ অন্তেষ্টিক্ৰিয়াত অংশ লোৱা বাধা প্ৰদান কৰিলে ভগ্নীয়ে।
যোৱা বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল ককাইয়েক বাবুল দত্তৰ। ককাইয়েক বাবুল দত্তৰ মৃত্যুৰ পাছতেই অন্তিম সতকাৰত ভাগ লবলৈ আহিছিল দিলীপ দত্তই।কিন্তু ভগ্নীয়ে অন্তিম সতকাৰত বাধা প্ৰদান কৰাত দিলীপ দত্ত পৰিয়াল এতিয়া শোকত ভাগি পৰিছে ।কেৱল বাধাই নহয় বাইয়েক ভনীয়েক আৰু কেইজনে মানে মিলি চোকা অস্ত্ৰৰে মুখত গুৰুতৰ আঘাত কৰাৰো অভিযোগ উত্থাপিত কৰিছে দিলীপ দত্তই।
ইতিমধ্যে ঘটনা গৈ পালেগৈ আৰক্ষী থানা। দুয়ো পক্ষই দাখিল কৰিছে এজাহাৰ লিচুবাৰী আৰক্ষী চকীত। এই সমগ্ৰ ঘটনাটো মাটিবাৰী কেন্দ্ৰ কৰি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ সবিশেষ