Sipajhar News :ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহন বিভাগৰ বিশেষ ব্যৱস্থা

ছিপাঝাৰ,২৩জানুৱাৰী : ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহন বিভাগৰ বিশেষ ব্যৱস্থা।
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহন বিভাগৰ সজাগতা মূলক কাৰ্যসূচী।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ চালকক বিলালে সজাগতামূলক পুস্তিকা লগতে ছিপাঝাৰৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাৰ সজাগতামূলক বাটৰ নাট আৰু বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত কৰে(Sipajhar News)।
পৰিবহন বিভাগে উল্লেখ কৰা তথ্য অনুসৰি ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত দৰং জিলাত হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা।
সকলো ৰাইজক যান-বাহন চলাচল কৰোতে পথ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই পৰিবহন বিভাগে।
লগতে পঢ়ক :Subhas Chandra Bose Jayanti 2025: সোণাপুৰৰ এলেঙাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম জন্ম জয়ন্তী পালন