WATCH | Sipajhar News : পশ্চিম লোক্ৰাই বন্ধু মিলন সংঘৰ ৫০ তম ৰঙালী বিহু উদযাপন
ছিপাঝাৰ,১৬এপ্ৰিল : পশ্চিম দৰং অঞ্চলৰ বন্ধু মিলন সংঘৰ ৫০ তম ৰঙালী বিহু মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে সংঘৰ বাকৰিত জাকজমকতাৰে উদযাপন কৰা হয়।
পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত ৭ বজাত অঞ্চলটোৰ প্ৰয়াত বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে প্ৰয়াত মিনাৰাম কলিতা সোঁৱৰণী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় বিহুৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান(Sipajhar News)।
অনুষ্ঠানত ভালে কেইটা বিহুদলে বিহু প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত -নৃত্য প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল বিশিষ্ট কৌতুক অভিনেতা বিপুল ৰাভা আৰু সংগীবৃদ্ধৰ কৌতুক অভিনয়ত। শিল্পী গৰাকীৰ অভিনয়ে দুপৰ নিশা লৈ সহস্ৰাধিক দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। সাংস্কৃতিক কৰ্মী দুলাল বৰুৱাই আঁতধৰা অনুষ্ঠানত সাংবাদিক ইন্দাদুল হকৰ লগতে অঞ্চলটোৰ হাইস্কুল-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানতে ভালে কেইগৰাকী লোকশিল্পী,বিশিষ্ট কৃষককো সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : WATCH | Narendra Modi : ১৪ বছৰে খালী ভৰিৰে জীৱন কটাইছিল যমুনানগৰৰ ৰামপালে