Local, Vocal, Global

পুনৰ চৰ্চাৰ শীৰ্ষত গায়ক সীমান্ত শেখৰ

নিউজ ডেস্ক, ২৩ জুন : সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা বানৰ বিভিষিকাৰ মাজত বহু লোক গৃহহাৰা হোৱাৰ লগতে বহু লোকে বান শিবিৰত আশ্ৰয় লৈ আছে।

বানত ডুবি থকা বন্যাৰ্তক সাহায্য দিবলৈ আগবাঢ়ি আহিছিল বহুজন।

তাৰ মাজতে আজি বন্যাৰ্তক সাহায্য দিবলৈ ওলাই আহিছিল বৰ্তমান অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

বন্যাৰ্তক চিপছৰ পেকেট আৰু পানীৰ বটল এটাকৈ দি বান সাহায্য বিতৰণ কৰিছিল সীমান্ত শেখৰে। আৰু পৰৱৰ্তী সময়ত সেই ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে কঠোৰ সমালোচনাৰ সন্মুখীন হয় গায়কগৰাকী।

বিভিন্ন জনে চিপছ খাই বানত ডুবি থকা ৰাইজৰ ভোক গুচে নেকি বুলি প্ৰশ্ন কৰে গায়কগৰাকীক।