Silapathar accident: চিলাপথাৰত সংগঠিত হ’ল এক হৃদয়বিদাৰক ঘটনা
ধেমাজি, ১০ ফেব্ৰুৱাৰী:প্ৰেমাষ্পদৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত হ’ল যুৱতী। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দাম্বুক বলুকাগুৰি গাওঁৰ জানমণি মেদক নামৰ এগৰাকী যুৱতীৰ সৈতে ভাঙিদিয়া গাওঁৰ শচীন দলেৰ (৩০) আছিল দীঘলীয়া প্ৰেমৰ সম্পৰ্ক। দীৰ্ঘদিনীয়া প্ৰনয়ৰ অন্তত কালি বিবাহৰ বাবে এখন গ্লেমৰ বাইকৰে পলায়ন কৰে প্ৰেমিক যুগলে। পিছে যোৱা নিশা পলায়ন কৰি প্ৰায় 10 বজাত পুমি নামৰ গাঁওখনত দূৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হ’ল জানমণি। প্ৰেমিক শচিনো গুৰুতৰভাৱে আহত হৈ বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।