Local, Vocal, Global

Signature View Apartments in Delhi to be demolished : ভাঙি পেলোৱা হ’ব দিল্লীৰ মুখাৰ্জী নগৰ এলেকাত নিৰ্মিত ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট

নেশ্যনেল ডেস্ক, ২৩ছেপ্টেম্বৰ : ভাঙি পেলোৱা হ’ব দিল্লীৰ বিশাল অট্টালিকা । বিশাল অট্টালিকা ভাঙিবলৈ সাজু হৈছে প্ৰশাসন । দিল্লীত পুনৰ আন এটা বিশাল অট্টালিকা ভাঙিবলৈ সাজু হৈছে প্ৰশাসন । জানিব পৰা মতে দিল্লীৰ মুখাৰ্জী নগৰ এলেকাত নিৰ্মিত ছিগনেচাৰ ভিউ এপাৰ্টমেণ্টটো শীঘ্ৰে ভাঙি দিয়া হ’ব(Signature View Apartments in Delhi to be demolished ) ।

উল্লেখ্য যে , ২০০৮ পৰা ২০১০ চনৰ ভিতৰত দিল্লী উন্নয়ন কৰ্তৃপক্ষই ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট নামৰ এখন চ’ছাইটি এটা গঠন কৰিছিল । সেয় চ’ছাইটিৰ অধীনত এপাৰ্টমেণ্টটো ২.৮৩ হেক্টৰ ভূমিত নিৰ্মাণ কৰা হৈছিল । য’ত বৰ্তমান ৩৩৬ টা পৰিয়ালে বাস কৰে । এই চ’ছাইটিত দিল্লী উন্নয়ন কৰ্তৃপক্ষই প্ৰায় ২২৪ টা এইচআইভি ফ্লেট আৰু ১১২ টা এমআইজি ফ্লেট নিৰ্মাণ কৰিছিল । এই ৩৩৬ টা ফ্লেট ১২ টা টাৱাৰত বিয়পি আছে । ইয়াৰ ভিতৰত ১০ মহলীয়া ১০ টা টাৱাৰ আছে আৰু ২ টা ছয় মহলীয়া টাৱাৰ আছে ।কিন্তু বৰ্তমান এই চ’ছাইটিটোৰ ঘৰবোৰ জৰাজীৰ্ণ হৈ পৰিছে । ফাট মেলিব ধৰিছে দেৱালত(DDA Plans to Demolish Unsafe Signature View Apartment in Mukherjee Nagar)।

ইয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে যে অট্টালিকাটো নিৰ্মাণত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । ২০১২ চনত এই চ’ছাইটিৰ নিৰ্মাতাই ক্ৰেতাসকলক ফ্লেট আৱণ্টন কৰিছিল । কিন্তু এটা বছৰ পাছতে ২০১৩ চনত এটা টাৱাৰৰ এটা ঘৰৰ ছাঁদ খহি পৰে । লাহে লাহে সৰু বৰ দুৰ্ঘটনা সংঘটিত হবলৈ আৰম্ভ কৰে এপাৰ্টমেণ্টটোত।

এনেধৰণৰ ঘটনাৰ বাবে কোটি কোটি টকা খৰছ কৰি ঘৰ ক্ৰয় কৰা লোকসকল বিৰক্ত হৈ পৰে । যাৰ বাবে অৱশেষত প্ৰশাসনে এই এপাৰ্টমেণ্টটো ভঙাৰ সিদ্ধান্ত লয় । ৩ বছৰৰ ভিতৰত ইয়াৰ বাসিন্দাসকলক পুনৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব ।

ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট চ’ছাইটিৰ সভাপতি অমৰেন্দ্ৰ কুমাৰে কয় ইয়াত দুই প্ৰকাৰৰ ফ্লেট আছে এমআইজি আৰু এইচআইভি । তাৰ মূল্য বৰ্তমান দুইৰ পৰা তিনি কোটি টকাৰো অধিক । ২০১৩ চনৰ পৰা হোৱা দুৰ্ঘটনাটোৰ পাছৰে পৰা চ’ছাইটিৰ লোকসকলে প্ৰশাসনক বিভিন্ন ধৰণৰ দাবী জনাই আহিছিল ।

অৱশেষত দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষৰ দায়িত্বত থকা লেফটেনেণ্ট গভৰ্ণৰে এই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু ৰাইজক আশ্বাস প্ৰদান কৰে । এতিয়া দিল্লী উন্নয়ন কৰ্তৃপক্ষই সকলো পৰিয়ালৰ বাবে নতুনকৈ ফ্লেট নিৰ্মাণ কৰি দিব ।

উল্লেখ্য যে চ’ছাইটিৰ কোষাধ্যক্ষ ধৰ্মেন্দ্ৰ কুমাৰে কোৱা মতে এপাৰ্টমেণ্টটোত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে এতিয়ালৈকে ৮৫ টা পৰিয়ালে এপাৰ্টমেণ্টটো ত্যাগ কৰিছে ।

লগতে পঢ়ক :Sensational Incident : এক লোমহৰ্ষক হত্যাকাণ্ড ,পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীৰ প্ৰেমিকক