Local, Vocal, Global

পদত্যাগ–পত্র উঠাই ল’লে সিদ্ধুৱে

পঞ্জাবত কংগ্রেছ দলৰ অভ্যন্তৰত চলি থকা নাটকৰ অৱসান কেতিয়া ঘটিব, তাক লৈ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত ব্যাপক চর্চা চলিছে ৷ শেহতীয়াকৈ নৱজ্যোৎ সিং সিদ্ধুৱে ৰাজ্যখনৰ কংগ্রেছ সভাপতিৰ পদ এৰা পত্র উঠাই লৈছে ৷

উল্লেখনীয় যে ২৮ ছেপ্ঢেম্বৰত সিদ্ধুৱে কংগ্রেছৰ পঞ্জাব গোটৰ সভাপতিৰ পৰা পদত্যাগ কৰিছিল ৷ আজি নেতাগৰাকীয়ে এই পদত্যাগ–পত্র উঠাই লোৱাৰ লগে লগে বিষয়টোক লৈ পুনৰ চর্চা চলিছে দেশৰ সংবাদ মাধ্যমত ৷ এখন সংবাদ মেলত নেতাগৰাকীয়ে ঘোষণা কৰে যে বর্তমান মুহূর্তত দলৰ স্বার্থত এই পদত্যাগ–পত্র উঠাই লোৱাটো তেওঁ জৰুৰী বুলি অনুভৱ কৰিছে ৷

স্মর্তব্য যে ৰাজ্যখনৰ মন্ত্রীসভা সম্প্রসাৰণৰ পিছত নিজৰ সিদ্ধান্তক কোনোধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল বুলি অভিযোগ কৰি সভাপতিৰ পদ এৰিছিল সিদ্ধুৱে৷ সিদ্ধুৰ পদত্যাগক কেন্দ্র কৰি পঞ্জাব কংগ্রেছৰ অভ্যন্তৰত সৃষ্টি হৈছিল তীব্র মতানৈক্য ৷