কোনদিশে গতি কৰিছে ৰাজ্য জোকাৰি যোৱা SI প্ৰশ্নকাকত ফাদিলৰ তদন্ত?
পুনৰ প্ৰসংগ এছ আই প্ৰশ্নকাকত ফাদিল৷ লেহেমীয়া হৈছে নেকি প্ৰশ্নকাকত ফাদিলৰ তদন্ত? কোনদিশে গতি কৰিছে ৰাজ্য জোকাৰি যোৱা এছ আই প্ৰশ্নকাকত ফাদিলৰ তদন্ত?
আৰক্ষী, তদন্তকাৰী দলৰ জালত পৰিছে ইজনৰ পিছত সিজনকৈ অভিযুক্ত৷ ৩০ ছেপ্টম্বৰৰ নিশা আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা আটক কৰে ম’ষ্ট ৱাণ্টেড দিবন ডেকাক৷ ইয়াৰ পিছতে আশা কৰা হৈছিল অধিক ক্ষীপ্ৰ হ’ব আৰক্ষীৰ তদন্ত৷ কিন্তু লক্ষণীয়ভাৱে লেহেমীয়া হোৱাহে পৰিলক্ষিত হৈছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া৷ বৰ্তমান অসম আৰক্ষীৰ বিশেষ শাখাতে জেৰাৰ সন্মুখীন হৈ আছে দিবন ডেকা৷
লক্ষণীয় বিষয় এয়ে যে দিবন ডেকা গ্ৰেপ্তাৰ হ’ল যদিও বৰ্তমানেও মুকলি আকাশৰ তলত আছে প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড পি কে দত্ত৷ আৰক্ষীৰ হাতত পি কে দত্ত সন্দৰ্ভত কোনো ধৰণৰ সঠিক তথ্য নাই৷ সূত্ৰ অনুসৰি পি কে দত্তক নেপালত আত্মগোপন কৰি আছে৷ তদন্তকাৰী দলে পি কে দত্তক বিচাৰি নেপাললৈ ৰাওনা হৈছে৷ কিন্তু পি কে দত্ত যে নেপালতে আছে তাক লৈ সৃষ্টি হৈছে প্ৰশ্নবোধকৰ৷ দিবন ডেকাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেও দিবন ডেকা নেপালত আত্মগোপন কৰা বুলি চৰ্চা লাভ কৰিছিল৷ কিন্তু পৰৱর্তী সময়ত দিবন ডেকাক পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে৷ এতিয়া প্ৰশ্ন হৈছে প্ৰকৃততে নেপালতে আছেনে পি কে দত্ত?
ইতিমধ্যে তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ৰাজনৈতিক দলৰ লগত জড়িত লোকক৷ কিন্তু এতিয়া প্ৰশ্ন হৈছে কেতিয়া অন্ত পৰিব লাখ লাখ নিবনুৱাৰ মূৰত ৰামটাঙোণ শোধোৱা এছ আই পৰীক্ষাত কেলেংকাৰিৰ তদন্ত?