Local, Vocal, Global

SI Luhit Rajbanshi suspended : যুৱতীক অশ্লীল ফটো বিচাৰি নিলম্বন আৰক্ষী বিষয়া

নিউজ ডেস্ক, ১৫ জুলাই : ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে ৰাজ্যৰ স্মাৰ্ট আৰক্ষী (SI Luhit Rajbanshi suspended) ৷ বাৰে বাৰে খাকী পোচাকত দাগ লগাই আছে ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই ৷ এইবাৰ খাকী পোচাক পিন্ধিয়েই কাণত ধৰি আঠু কাঢ়িবলৈ বাধ্য হ’ল এগৰাকী আৰক্ষী বিষয়া ৷ তেজপুৰ আৰক্ষী নিৱেশৰ সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক লোহিত ৰাজবংশীক আঠু কঢ়ালে তেজপুৰ ডেকাৰগাঁও বৰুৱা চুবুৰী অঞ্চলৰ ৰাইজে(Objectionable Message To Woman)৷

প্ৰকৃততে পৰকিতি লৰিছিল এইগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ ৷ জীয়ৰী বয়সৰ যুৱতীক চাকৰি দিয়াৰ প্ৰলোভন দি বিচাৰিছিল অন্তৰ্বাস পিন্ধা ফটো ৷

উল্লেখ্য যে ৰাজবংশীয়ে নতুনকৈ ঘৰ সাজিছে বৰুৱা চুবুৰীত ৷ সেয়ে অঞ্চলটোৰ ৰাইজৰ সৈতে নতুন চিনাকী ৷ কিন্তু SI ৰাজবংশীয়ে চুবুৰীৰ এগৰাকী স্নাতক বৰ্ষৰ ছাত্ৰীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি হোৱাটছ এপত অশ্লীল মেছেজ দিয়ে ৷

ছাত্ৰীগৰাকীয়ে বিষয়টো ঘৰৰ লগতে স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতে শুকুৰবাৰে তেজপুৰৰ ৰাজপথত লুহিত ৰাজবংশীক পূৰ্ণ হতীয়া চৰ দিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে । পিছত স্থানীয় ৰাইজে লোহিত ৰাজবংশীক ঘেৰাও কৰি কাণত ধৰাই আঠু কঢ়াই ৷ ভৱিষ্যতে সেই ঠাইত প্ৰৱেশ নকৰিবলৈ সকীয়নি দিয়ে স্থানীয় ৰাইজে ৷

এই ঘটনাৰ পাছতে ডিজিপি জি পি সিঙে লুহিত ৰাজবংশীক নিলম্বন কৰাৰ কথা ঘোষণা কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে । অভিযোগ সত্য প্ৰমাণিত হ’লে লুহিত ৰাজবংশীৰ ওপৰত আৰু অধিক কঠোৰ ব্যৱস্থা লোৱাৰো হুংকাৰ ডিজিপি জি পি সিঙৰ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে সগৰী কৰে যে ‘তেজপুৰ এজন আৰক্ষীৰ দ্বাৰা এগৰাকী মহিলালৈ আপত্তিজনক বাৰ্তাৰ প্ৰসংগত – তেজপুৰ আৰক্ষীৰ সশস্ত্ৰ শাখা উপ-পৰিদৰ্শক লোহিত ৰাজবংশীক নিলম্বিত ৰখা হৈছে আৰু সাতটা কৰ্মদিনৰ ভিতৰত এটা বিভাগীয় তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে যাৰ পিছত আটাইতকৈ শক্তিশালী উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এজন আৰক্ষীৰ দ্বাৰা কোনো বিপথগামী আচৰণ সহ্য কৰা নহ’ব।’

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰো কম সময়ৰ পূৰ্বে জি পি সিঙে এখন মুকলি পত্ৰৰ জৰিয়তে সকলো আৰক্ষী বিষয়া তথা জোৱানক সতৰ্কবাণী দিছিল।

খাকী পোচাকক সন্মান কৰাৰ লগতে নাৰীক সন্মান আৰু মৰ্যাদা দিবলৈ কৈছিল । জি পি সিঙৰ এনে আহ্বানৰ পিছতে সংঘটিত এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Progress of JJM and Swachh Bharat Mission: ডিমা হাছাও জিলাত জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা সভা