পুনৰ নতুন বিপদত শিল্পা ছেট্টী-ৰাজ কুন্দ্ৰা

বলীউডৰ অভিনেত্ৰী শিল্পা ষেট্টী (Shilpa Shetty) আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক বিপদে লগ এৰা নাই । পৰ্ণগ্ৰাফী গোচৰত জামিন লাভ কৰাৰ পিছত ৰাজ-শিল্পাৰ মুখলৈ কিছু হাঁহি বিৰিঙি উঠিছিল যদিও নিত্য নতুন সমস্যাই লগ নেৰা হৈছে দুয়োকে। বিপদ যেন সহচৰ হৈ পৰিছে তেওঁলোকৰ বাবে। পৰ্ণগ্ৰাফী গোচৰৰ পিছত এইবাৰ প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত হৈছে ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টী। মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে ৰাজ-শিল্পাক প্ৰৱঞ্চনাৰ অভিযুক্ত কৰিছে গোচৰত । নীতিন বড়াই নামৰ এজন লোকে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল থানাত ।
নীতিন বড়ায়ে শিল্পা আৰু ৰাজৰ বিৰুদ্ধে ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। নীতিনে কয়, “শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ২০১৪-২০১৫ বৰ্ষত এটা ফিটনেছ কোম্পানীৰ জৰিয়তে তেওঁক ১.৫১ কোটি টকাৰ প্ৰৱঞ্চনা কৰিছিল। নীতিন বড়াৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাইৰ বান্দ্ৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে আইপিচিৰ ৪০৬, ৪০৯, ৪২০, ৫০৬, ৩৪ আৰু ১২০ (বি) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। এই গোচৰতো শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব ৰাজ-শিল্পা।
উল্লেখ্য যে পৰ্ণ ভিডিঅ’ নিৰ্মাণ আৰু বিতৰণ কৰাৰ গোচৰত ৰাজ কুন্দ্ৰা প্ৰায় দমাহ কাৰাবন্দী হৈ আছিল। ৰাজ কুন্দ্ৰাই জামিনত মুক্তি লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সংবাদ মাধ্যমৰ পৰা আঁতৰি আচে। ৰাজে কুন্দ্ৰাই নিজৰ ছচিয়েল মিডিয়া একাউণ্টবোৰো বন্ধ কৰি দিছে। অলপতে ৰাজ আৰু শিল্পাক একেলগে মন্দিৰ দৰ্শন কৰা দেখা গৈছিল। কিন্তু নিত্য নতুন বিপদৰ পৰা ৰাজ-শিল্পাক ঈশ্বৰে ৰক্ষা কৰিব পাৰিবনে নাই সেয়াহে হ’ব লক্ষ্যণীয়।