Local, Vocal, Global

 ক্ৰিকেটৰ পৰা বিদায় ল’ব শ্বেন ৱাটছনে

অষ্টেলিয়ান ক্ৰিকেট টিমৰ প্ৰাক্তন খেলুৱৈ অলৰাউণ্ডাৰ শ্বেন ৱাটছনে সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা বিদায় ল’ব। সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা খেলুৱৈগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও চেন্নাই ছুপাৰ কিংছৰ এক সুত্ৰই জানিবলৈ দিয়া মতে সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে খেলুৱৈগৰাকীয়ে । চলিত বর্ষৰ আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ অংশগ্রহণ কৰিছিল খেলুৱৈগৰাকীয়ে কিন্তু আশা কৰা মতে চলিত আইপিএলত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছে । উল্লেখযোগ্য যে এইবাৰৰ আইপিএলত ১১ খন মেচত অংশ লৈ খেলুৱৈগৰাকীয়ে মাত্র ২৯৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । দুৰ্বল ফ’ৰ্মৰ বাবে তেওঁ মূল একাদশত শেষৰফালে স্থান হেৰুৱাইছিল ।ৰাষ্ট্রীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি চেন্নাই ছুপাৰ কিংছৰ অন্তিমখন মেছৰ দিনা ড্ৰেছিং এক আৱেগিক পৰিৱেশৰ মাজত ৱাটছনে তেওঁৰ সতীর্থসকলৰ আগত তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ কথা অৱগত কৰে ।