আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ…

সাতগাঁও থানাত অঘটন।হেণ্ডকাফ লৈ পলাল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ।উল্লেখ্যে যে, কেইদিনমান পূৰ্বে গুৱাহাটীৰ মাজ মজিয়াত হত্যা কৰা হৈছিল ৰঞ্জিত বৰাক।
বৃহস্পতিবাৰে নিশা তদন্তৰ বাবে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক লগত লৈ সাতগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাইছিল।পঞ্জাবাৰীৰ বতাহঘূলি অঞ্চলত অভিযান চলাই থকাৰ সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে শ্বাহ আলমে।পলাতক শ্বাহ আলমৰ সন্ধানত সাতগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে। কিন্তু এইপৰ্যন্ত জালত পৰা নাই অপৰাধীজন। আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে পলায়ন কৰা এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি।ঘটনাটো আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো সম্ভেদ পোৱা নাই। এই ঘটনাক আৰক্ষীৰ দায়িত্বহীনতাৰ পৰিচয় দিয়ে।