গুৱাহাটী মহানগৰীত ভয়ংকৰ বায়ু প্ৰদূষণ…

ভয়ংকৰ বায়ু প্ৰদূষণত কৱলত পৰিছে মহানগৰী।গুৱাহাটী মহানগৰী বিগত দুটা মাহত অধিক বেয়াৰ ভালে গতি কৰিছে যদিও চলিত মাহত ই অধিক বৃদ্ধি পাইছে।দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ।মহানগৰীত জধে-মধে চলি থকা নিৰ্মাণকাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।গুৱাহাটী মহানগৰীত দীৰ্ঘদিন ধৰি চলি থকা উৰণীয় সেতুৰ লগতে নলা-নৰ্দমাৰ নিৰ্মাণকাৰ্য আৰু পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি,যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে কল-কাৰখানাৰ ধোঁৱাই যথেষ্ট বায়ু প্ৰদূষিত কৰিছে।প্ৰদূষিত বায়ুৰ বাবেই গৱাহাটীৰ আকাশত কুঁৱলি সদৃশ আৱৰণে ঢাকি ধৰি ৰাখিছে।বায়ু প্ৰদূষণৰ ফলত প্ৰতিদিনে বহু লোকে জ্বৰ, চৰ্দি,কাহকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰিবলৈ আহ্বান চিকিৎসাকৰ।
বায়ুৰ সূচাংকৰ ৩৩৯ ৰ সীমা অতিক্ৰম কৰিছে ।১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বায়ুৰ সূচাংকৰ বেয়া আছিল যদিও ৫-৬ ফেব্ৰুৱাৰীত অতি বেয়া হৈছে গুৱাহাটী মহানগৰীৰ বায়ুৰ সূচাংক।বায়ুৰ প্ৰদূষণৰ বাবে নানা ৰোগত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীৰ নাগৰিক।শিশুৰ পৰা বৃদ্ধলৈ হাঁওফাওঁজনিত ৰোগ,ছালৰ ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।প্ৰদূষণ জনিত কাৰণৰ বাবে হাস্পতালত অসুস্থ হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে।
গুৱাহাটীৰ মহানগৰীত দিনে দিনে বৃদ্ধি পাই আছে বায়ু প্ৰদূষণ।ইয়াৰ মাত্ৰ হ্ৰাস কৰিবলৈ নকৰিলে হয়তো মহানগৰী দিল্লীৰ দৰে একে অৱস্থা হ’ব।এনে পৰিস্থিতত বায়ু প্ৰদূষণৰ বাবে চৰকাৰে কেনেধৰণৰ ব্য়ৱস্থা গ্ৰহন কৰে সেয়া হ’ব লক্ষণীয়।