আজি আমি আপোনালোকক দৈৰ উপকাৰীতাৰ বিষয়ে কম…

ডিজিটেল ডেস্কঃ-দৈ আমাৰ সমাজৰ এটা চিনাকি নাম।অসমত দৈ এবিধ প্ৰিয় খাদ্য।দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল৷ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱন দায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হয়।
চিকিৎসাক আৰু ডায়েটিচিয়ান সকলে দুপৰীয়াৰ খাদ্যত দৈ খাবলৈ পৰামৰ্শ দিয়ে।বয়সীয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী।দৈত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আৰু কেলচিয়াম থাকে যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।দৈত কেলচিয়াম আৰু লেষ্টিক এচিড থাকে যিয়ে গাৰ ছাল কোমল কৰাত সহায় কৰে।দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালত লগালে ছালৰ ৰোগ,খৰৰ পৰা সুফল পোৱা যায়।টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি কমে ।
বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও ১৫০ মিঃগ্ৰাঃকৈ দৈ সেৱন কৰিলে দেহৰ এণ্টিবডীৰ বৃদ্ধি ঘটে৷ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈৰ লগত জালুক মিহলাই চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয়৷
চেনিৰ সৈতে দৈ খালে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়৷ সেয়ে দৈ সদায় নিমখৰ সৈতে খোৱাটো ভাল৷ ৰাতিৰ ভাগত দৈ খালে হজম নহয়৷ মূৰৰ বিষ, ৰক্তপিত্ত আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে ।দৈ পাচন শক্তিৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।দৈ য়ে আমাৰ শৰীৰৰ হাড় শক্তিশালী কৰে। গতিকে দৈ আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি শাৰীৰিক সুস্থতা বৰ্তাই ৰাখক।