Local, Vocal, Global

Seven dead after massive fire in Aurangabad : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ৭ জন লোক

নেশ্যনেল ডেস্ক,৩মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ৭ জন লোক।মৃতলোককেইজনৰ ভিতৰত তিনিগৰাকী মহিলা,দুজন পুৰুষ আৰু এটি শিশু ।

মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Seven dead after massive fire in Aurangabad)।

জানিব পৰা মতে,মঙলবাৰে নিশা মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰৰ কেণ্টনমেণ্ট কমপ্লেক্স এলেকাৰ এখন দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰথমে দৰ্জীৰ দোকান এখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পিছতে জুইৰ লেলিহান শিখাই দোকানখনৰ ওপৰৰ মহলাটোকো আগুৰি ধৰিলে। লগে লগে সমগ্ৰ ঘৰতে জুই বিয়পি পৰে। অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইৰ লেলিহান আগুৰি ধৰে ।

ইফালে দৰ্জীৰ দোকান থকা অট্টালিকাৰ ওপৰৰ কোঠাবোৰত এটা পৰিয়াল বাস কৰিছিল। পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পূৰ্বেই ভস্মীভূত হয় সকলো। ক্ষন্তেক সময়ৰ ভিতৰতে ভয়ংকৰ অগ্নিকাণ্ডটোত জাঁহ যায় সকলো।জুইত জীৱন্তে অগ্নিদগ্ধ হয় পৰিয়ালটো । মৃত লোকসকলৰ ভিতৰত আছিল মহিলা আৰু শিশু এই ভয়ংকৰ অগ্নিকাণ্ডত ৭ জন লোকৰ কৰুণ মৃত্যু হয়। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা, দুজন পুৰুষ আৰু শিশু আছিল বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ ঘটনাই চুবুৰীটোৰ লগতে আৰক্ষী প্ৰশাসনকো স্তম্ভিত কৰি তুলিছে। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ(Fire Breaks Out in Maharashtra’s Aurangabad, 7 Dead)।

উল্লেখযোগ্য যে ওচৰ চুবুৰীয়াই দুৰ্ঘটনাটোৰ বিষয়ে জানিব পৰাৰ সময়লৈকে অগ্নিকাণ্ডই এক ভয়ংকৰ ৰূপ লৈছিল। স্থানীয় ৰাইজে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাছিল। ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষীৰ দল।এই অগ্নিকাণ্ডত ৭ জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই স্থানীয় আৰক্ষী প্ৰশাসনো স্তম্ভিত কৰি তুলিছে। আৰক্ষী আয়ুক্ত মনোজ লোহিয়াই এই কথা নিশ্চিত কৰি কয় যে পুৱা প্ৰায় ৪ বজাত অগ্নিকাণ্ডটো সংঘটিত হয়। দৰ্জীৰ দোকানখনত প্ৰথমে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত দোকানখনৰ ওপৰৰ দুটা মহলালৈ বিয়পি পৰে। এই মহলাত দুটা পৰিয়াল বাস কৰিছিল। এই অগ্নিকাণ্ডত ৭ জন লোকৰ মৃত্যু হৈছে(7 Lives Lost In Massive Fire Incident In Aurangabad, Investigation Underway)।

লগতে পঢ়ক :Paid holiday declared in state for Lok Sabha Elections : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত পেইড হলিডে’ ঘোষণা