Local, Vocal, Global

তিনিচুকীয়াত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ৮ আগষ্ট : ৰাজ্যত পুনৰ আৰক্ষীৰ আত্মহত্যা। তিনিচুকীয়া আৰক্ষীৰ এজন বিষয়াই চাৰ্ভিছ ৰিভলভাৰেৰে গুলিয়াই আত্মহত্যা কৰে।

সোমবাৰে আবেলি কৰ্তব্যৰত অৱস্থাতে আত্মহত্যা কৰে আৰক্ষী বিষয়া দিনকান্ত সোণোৱালে।

খবৰ অনুসৰি, আৰক্ষী বিষয়া গৰাকীৰ ঘৰ তিনিচুকীয়া বাইপাছৰ সমীপত।

উল্লেখ্য যে, কিছুদিন পূর্বে তিনিচুকীয়া পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্ব শেষ কৰি তিনিচুকীয়া সদৰ যান-বাহন শাখাৰ আৰক্ষীৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল দিনকান্ত সোণোৱালে।

অৱশ্যে, কি কাৰণত আৰক্ষীৰ বিষয়াজনে কৰ্মৰত অৱস্থাতে আত্মহত্যাৰ পথ বাচি ল’লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

মৃত্যুৰ সময়ত আৰক্ষী বিষয়াজনে পত্নীসহ এগৰাকী কন্যা আৰু এজন পুত্ৰক ইহ সংসাৰত এৰি গৈছে।