Local, Vocal, Global

স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে অৰবিন্দ কেজৰিৱালে উত্থাপন কৰিছে ৫টা দাবী

নিউজ ডেস্ক, ৮ আগষ্ট : ভাৰতত জন্ম হোৱা প্ৰতিটো শিশুক বিনামৃলীয়াকৈ উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবলৈ দাবী অৰবিন্দ কেজৰিৱালৰ। বিনামূলীয়া শিক্ষাৰ বিৰোধিতা কৰাসকলক গাড্ডাৰ আখ্যা অৰবিন্দ কেজৰিৱালৰ।

প্ৰতিগৰাকী ব্যক্তিৰ বাবে বিনামূলীয়া তথা উন্নত মানদণ্ডৰ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিবলৈ দাবী অৰবিন্দ কেজৰিৱালৰ।
প্ৰতিগৰাকী লোকৰ বাবে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ দাবী অৰবিন্দ কেজৰিৱালৰ।


চাকৰি নোপোৱালৈকে দেশৰ নিবনুৱাসকলক নিবনুৱা ভাট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী অৰবিন্দ কেজৰিৱালৰ।
নিজৰ বন্ধুৰ ১০ লাখ কোটি টকাৰ ঋণ মাফ কৰাসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী অৰবিন্দ কেজৰিৱালৰ।

নৰেন্দ্ৰ মোদী চৰকাৰক ক্ষুৰধাৰ সমালোচনা অৰবিন্দ কেজৰিৱালৰ। বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যসেৱা মোদী চৰকাৰে বন্ধ কৰিব বিচাৰিছে। সাধাৰণ মানুহৰ বাবে প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ বন্ধ কৰিব বিচাৰিছে ।


বিনামূলীয়া বিদ্যুৎ কেৱল মন্ত্ৰীসকলেহে দিব বিচাৰিছে।


উন্নত দেশৰ উদাহৰণ দাঙি ধৰি সমালোচনা মোদী চৰকাৰক। বিশ্বৰ ৩৯খন দেশে বিনামূলীয়া আৰু উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰে। বিশ্বৰ ৯খন দেশত নাগৰিকক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰে। বিশ্বৰ ১৬খন দেশত নিবনুৱাসকলক নিবনুৱা ভাট্টা দিয়ে।