Local, Vocal, Global

মহানগৰীত চাঞ্চল্যকৰ ঘটনা , প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক

নিউজ ডেস্ক,২৮ এপ্ৰিল:- পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ। মহানগৰীত লাষ্টগেটত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ নাম পম্পী ঘোষ বুলি চিনাক্ত কৰা হৈছে ।

পম্পীৰ ঘৰ গুৱাহাটীৰ বিষ্ণুপুৰত। এগৰাকী জ্যোতিষীৰ ঘৰত পম্পী ঘোষকৱ মৃত অৱস্থাত পোৱা যায় ।

জানিব পৰা মতে, মৃত পম্পী ঘোষৰ এগৰাকী জ্যোতিষীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । জ্যোতিষীগৰাকীৰ নাম নীল মাধৱ শইকীয়া।

প্ৰাথমিক তথ্য অনুসৰি, প্ৰেমিক নীল মাধৱে পম্পীক হত্যা কৰাৰ অভিযোগ কৰে পৰিয়ালে।

জ্যোতিষী নীল মাধৱৰ সৈতে বিগত ৩ বছৰ ধৰি কৰ্মৰত হৈ আছিল পম্পী। সেই একে সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ।

নীল মাধৱৰ ভাষ্য মতে, চিপ লৈ আত্মহত্যা কৰিছে পম্পী নামৰ যুৱতীগৰাকীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে হত্যাৰ অভিযোগত আটক কৰিছে নীল মাধৱক ।

মৃত্যু হোৱা পম্পীৰ মৃতদেহ নিজেই থানালৈ লৈ গৈছিল অভিযুক্ত নীল মাধৱক ।