Local, Vocal, Global

ভু লুণ্ঠিত হ’ল মানৱতা ,নিজ মাতৃয়ে হত্যা কৰিলে সদ্যোজাত সন্তানক

নিউজ ডেস্ক, ২৮ এপ্ৰিল:- নিজ মাতৃয়ে নিমখ খুৱাই হত্যা কৰিলে সদ্যোজাত সন্তানক, অবৈধ্য মাতৃত্বৰ চেকা ঢাকিবলৈ ধিঙৰ কমলসূতি চৰত জন্মদাতা মাতৃয়ে নিমখ খুৱাই হত্যা কৰিলে সদ্যোজাত সন্তানক ৷

নগাঁও জিলাৰ ধিঙৰ কমলসুতি চৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি যোৱা এক ঘটনা৷অবৈধ্য মাতৃত্বৰ কলংক ঢাকিবলৈ নিজ মাতৃয়ে হত্যা কৰিলে সদ্যোজাত সন্তানক ৷

মাতৃত্বৰ নামত কলংক, এই ঘটনা পোহৰলৈ অহাত সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দুই সন্তানৰ মাতৃ আছিল এইগৰাকী কলংকিত মাতৃ ।

যোৱা দুবছৰে কৰ্মসূত্ৰে নিজ স্বামী কেৰেলাত থকাৰ সুযোগ গ্ৰহণ কৰি স্বামীৰ খুড়াকৰ লগত অবৈধ্য সম্পৰ্ক গঢ়ি তুলিছিল ৷ এই লম্পট শহুৰৰ নাম ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে ।

২৬ এপ্ৰিলৰ নিশা মহিলা গৰাকীয়ে জন্ম দিয়ে এটি কন্যা সন্তান ৷ পিছত এই কলংকৰ পৰা হাত সাৰিবলৈ ছাইফুলে মহিলা গৰাকীক নিমখ খুৱাই হত্যা কৰিবলৈ কয় ৷

ছাইফুলৰ নিৰ্দেশ মতেই মহিলা গৰাকীয়ে সদ্যোজাত কন্যসন্তানটিক নিমখ খুৱাই ডিঙি চেপি অতি নৃশংস ভাবে হত্যা কৰি ঘৰৰ পিছফালে পুতি থয় ৷

এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি অভিযুক্তক উত্তম মাধ্যম শুধাই ধিং আৰক্ষীক গতাই দিয়ে৷ইফালে বিয়লি ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷