Local, Vocal, Global

ফেচবুক পোষ্টক লৈ ডিমৌত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২৩ জুন : বৰ্তমান সময়ত সামাজিক মাধ্যমৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। দৈনন্দিন জীৱনত সামাজিক মাধ্যম এক অপৰিহাৰ্য্য অংগ স্বৰূপ হৈ পৰিছে।

সামাজিক মাধ্যমৰ ফলতেই ডিমৌত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ।

বৃহস্পতিবাৰে ডিমৌৰ ধেমেচী আখৈফুটীয়াত স্কুটি সহ ডিমৌ নদীত জাঁপ দিয়ে এটা পৰিয়ালে ।

কল্যাণ গগৈ বুলি চিলাক্ত কৰা লোকজনৰ ঘৰ শিৱসাগৰ জিলাৰ নিতাইপুখুৰীত।

উল্লেখযোগ্য যে, স্কুটিখনত কল্যাণ গগৈ , তেওঁ পত্নী আৰু তেওঁলোকৰ ছাৰি বছৰীয়া কন্যা আছিল। এটা ফেচবুক পোষ্টক লৈ আত্ম হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

পৰৱৰ্তী সময়ত নদীৰ পাৰত উদ্ধাৰ কৰা হৈছে কল্যাণ গগৈৰ ম’বাইল ফোন।