Local, Vocal, Global

চেলেংহাট আৰক্ষী চকীত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেক্স , ১৯ জুন : দেওবাৰে দুপৰীয়া মৰিয়ানীৰ চেলেংহাট আৰক্ষী চকীত চাঞ্চল্যকৰ ঘটনা। নিজ মুৰত গুলীয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে চেলেংহাট আৰক্ষী চকীত কৰ্মৰত এজন OC ।

আৰক্ষী বিষয়া ভূপেন দিহিঙীয়াৰ এই চৰম সিদ্ধান্ত । উল্লেখযোগ্য যে তিনিদিন পূৰ্বে চেলেংহাট আৰক্ষী চকীত যোগদান কৰিছিল আৰক্ষী বিষয়াজনে ।

মৃত আৰক্ষী বিষয়াজনৰ ঘৰ লক্ষিমপুৰত। নিজৰ service ৰিভলভাৰেৰে মূৰত গুলীয়াই চৰম সিদ্ধান্ত আৰক্ষী বিষয়াজনৰ। নিজ কোৱাটাৰতেই আত্মহনন আৰক্ষী বিষয়াজনৰ ।

কিয় এজন ভাৰপ্ৰাপ্ত বিষয়াই এই চৰম সিদ্ধান্ত ললে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ গতিত অভিযান আৰম্ভ কৰিছে ।