Local, Vocal, Global

Sensational incident : নিচাযুক্ত টেবলেট খুৱাই নাবালিকাক অপকৰ্ম লম্পটৰ

নিউজ ডেস্ক,২৮ছেপ্তেম্বৰ : নিচাযুক্ত টেবলেট খুৱাই নাবালিকাক অপকৰ্ম লম্পটৰ ৷

বিশ্বনাথৰ দিৰিং চাহ বাগিছাৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাৰ ।

জানিব পৰা মতে, তিনিসুঁতিৰ বজাৰত চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দেখুৱাই নাবালিকাৰ লগতে অপকৰ্ম সংঘটিত কৰে লম্পটে। পুৱা সাৰ পাই নাবালিকাগৰাকীয়ে নিজকে বিচনাত উলংগ অৱস্থাত প্ৰত্যক্ষ কৰা লগতে কাষতে শুই থকা অৱস্থাত দিৰিং চাহ বাগিছাৰ কামাল মহানন্দ নামৰ লম্পটটোক দেখা পায়(Sensational incident)।

উল্লেখ্য যে কামালৰ ঘৰতে থাকি তেঁওলোকৰ গেলামাল আৰু ফাষ্ট ফুডৰ দোকানত বিগত তিনি মাহ ধৰি কাম কৰি আছিল ভুক্তভোগী নাবালিকাগৰাকী। বৃহস্পতিবাৰে বিয়লি তিনিসুঁতি বজাৰত চেণ্ডেল কিনি দিয়াৰ চলেৰে শহুৰেকৰ ঘৰলৈ কামালে লৈ গৈছিল নাবালিকাগৰাকীক ৷উক্ত নিশাই নিচাজাতীয় টেবলেট সেৱন কৰাই নাবালিকাগৰাকীৰ লগত অপকৰ্ম কৰাৰ অভিযোগ উঠিছে কামাল মহানন্দৰ বিৰুদ্ধে ৷ শুক্ৰবাৰে দিনৰ ভাগত নাবালিকাগৰাকী অসুস্থ হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইয়াৰ পাছতে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে শুক্ৰবাৰে নিশাই বিশ্বনাথ আৰক্ষীয়ে কৰায়ত্ত কৰে কামাল মহানন্দক।

লগতে পঢ়ক :Chhattisgarh BJP Leader Shekhar Chandel Found Dead Under: ৰে’লপথত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ