Local, Vocal, Global

Chhattisgarh BJP Leader Shekhar Chandel Found Dead Under: ৰে’লপথত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : ৰে’লপথত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ । বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

শুকুৰবাৰে নিশা ছত্তীশগড়ৰ নাইলা ৰে’ল ষ্টেচনৰ ৩নং প্লেটফৰ্ম আৰু নাইলা কেবিনৰ মাজত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ।মৃতদেহ উদ্ধাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক ।
স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নাইলাৰ বিজেপি নেতা শেখৰ চান্দেলৰ বুলি চিনাক্ত কৰে । শেখৰ চান্দেল ৰাজ্যখনৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি নাৰায়ণ চান্দেলৰ কনিষ্ঠ ভাতৃ আৰু তেওঁ ৰাজনীতিত সক্ৰিয় আছিল(Chhattisgarh BJP Leader Shekhar Chandel Found Dead Under)।

বিজেপি নেতা শেখৰ চান্দেলৰ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই শেখৰ চান্দেলৰ মৃত্যুৰ কাৰণ।

জানিব পৰা মতে, শেখৰ চান্দেলে শুকুৰবাৰে নিশা ৮ বজাত তেওঁৰ ধানমিলৰ পৰা খোজকাঢ়ি ওলাই গৈছিল । তেওঁ মোবাইলত কথা পাতি গৈ আছিল । ইয়াৰ পিছত নিশা প্ৰায় ১০ বজাত তেওঁক ৰে’লে কটাৰ খবৰ পোৱা যায় । ইয়াৰ পিছত মৃত ব্যক্তিজনক পিন্ধি থকা শ্বাৰ্টৰ দ্বাৰা চিনাক্ত কৰা হয়।

লগতে পঢ়ক :Musheer Khan suffers road accident :পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ মুছিৰ খান