Local, Vocal, Global

Doctor Brutally Beaten in Merapani : মেৰাপানীত চিকিৎসকক প্ৰহাৰ দুই যুৱকৰ

নিউজ ডেস্ক, ১৮ এপ্ৰিল : মেৰাপানীত চিকিৎসক প্ৰহাৰ ঘটনা।বুধবাৰে নিশা কৰ্তব্যৰত অৱস্থাত থকা মেৰাপানী সমূহীয়া চিকিৎসালয়ৰ এজন চিকিৎসকক দুই যুৱকে আক্ৰমণ কৰে। ঘটনাত গুৰুতৰভাৱে আহত ডাঃ মনিম আল্‌ মাছুদ আহমেদ মানৰ চিকিৎসকজন(Doctor Brutally Beaten in Merapani) ।

ঘটনা অনুসৰি বুধবাৰে নিশা নৱগ্ৰাম বিজয়পুৰৰ পাপু শইকীয়া নামৰ এজন যুৱক মূৰত আঘাটপ্ৰাপ্ত হৈ আন এজন বন্ধুৰ সৈতে মেৰাপানী চিকিৎসালয়লৈ আহিছিল। সেইসময়ত চিকিৎসালয়খনত কৰ্তব্যত নিয়োজিত হৈ আছিল চিকিৎসক ডাঃ মনিম আল্‌ মাছুদ আহমেদ। পাপু নামৰ ৰোগীজনে আন এজন সতীৰ্থসহ চিকিৎসক জনৰ ওচৰলৈ চিকিৎসাৰ বাবে আহে যদিও কোনো ধৰণৰ টিকট সংগ্ৰহ নকৰাৰ বাবে ডাঃ আহমেদে এটি টিকট সংগ্ৰহ কৰিবলৈ কয়। সেই সময়ত টিকট প্ৰদান কৰা ব্যক্তিজন কিবা কাৰণত বাহিৰলৈ যোৱাৰ বাবে তেওঁক নাপায় খঙত অগ্নিশৰ্মা হৈ দুই যুৱকে কৰ্তব্যৰত চিকিৎসকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। লগতে তেওঁৰ ম’বাইল ফোনটো ভাঙি চূৰমাৰ কৰে(Doctor Brutally Beaten in Merapani)।

ঘটনাৰ সন্দৰ্ভত চিকিৎসকজনে ততাতৈয়াকৈ মেৰাপানী আৰক্ষীক অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ নিশাই চিকিৎসকক প্ৰহাৰ কৰা পাপু শইকীয়াক আটক কৰে যদিও আনজন সতীৰ্থক বৰ্তমানেও কৰায়ত্ত কৰিব পৰা নাই। ইফালে ঘটনাক লৈ তীব্ৰ নিৰাপত্তাহীনতাত ভূগিছে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰী সকল। তদুপৰি নিগ্ৰহৰ বলি হোৱা চিকিৎসক আহমেদে নিজাববীয়াকৈ মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : Sensational Incident : পিতা-পুত্ৰই চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰিলে ককায়েকক