WATCH | Sensational incident : মমতাময়ী মাতৃ যেতিয়া হত্যাকাৰী হয়
নিউজ ডেস্ক,১২মে’ : পৰকীয়া প্ৰেমৰ বাবে নাৰকীয় ঘটনা সংঘটিত কৰিলে এগৰাকী নিষ্ঠুৰ মাতৃয়ে। মাতৃ দিৱসৰ দিনাই মহানগৰীত পোহৰলৈ আহিল এক শিহৰণকাৰীৰ ঘটনা। মমতাময়ী মাতৃৰ ভয়ংকৰ ৰূপ। নিজ গৰ্ভত জন্ম দি ১০ বছৰে তুলি-টালি ডাঙৰ কৰা পুত্ৰক হত্যা কৰিবলৈ বুকু কঁপি নুঠিল এগৰাকী নাৰীৰ।
দেওবাৰৰ দিনৰ ভাগত বশিষ্ঠৰ ইন্দিৰা গান্ধী পথত উদ্ধাৰ এটা ট্ৰলীৰ বেগ। প্লাষ্টিকৰ বটল বিচৰা দুগৰাকী মহিলাই প্ৰত্যক্ষ কৰিলে ট্ৰলী বেগটো। বেগটোৰ ছেইন কিছু খুলি দিয়াৰ পিছতে ওলাই আহে দুখন ভৰি।
তাৰ পিছতে হাহাকাৰ লাগিল সমগ্ৰ গুৱাহাটীত। দৌৰা-দৌৰি লাগিল গুৱাহাটী আৰক্ষীৰ। খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হ’ল বশিষ্ঠ আৰক্ষী। ঘটনাস্থলীত উপস্থিত হৈ বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিলেই তদন্ত। বিচাৰ খোচাৰ আৰম্ভ কৰিলে গুৱাহাটীৰ কোনোবা থানাত শিশু নিৰুদ্দেশৰ কিবা খবৰ বা অভিযোগ আছে নেকি। মাত্ৰ কিছু মুহূৰ্ততে বশিষ্ঠ আৰক্ষীয়ে পালে আন এক বিস্ফোৰক তথ্য(Sensational incident)।
শনিবাৰে গুৱাহাটীৰ দিছপুৰ থানাত দাখিল হৈছিল জয়ানগৰৰ এটি শিশু নিৰুদ্দেশৰ এজাহাৰ। মাতৃৰ সৈতে থকা এটি শিশু নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল শিশুটিৰ পিতৃয়েই। সেই তথ্য লাভৰ পিছতে দিছপুৰ আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিলে যুটীয়া অভিযান।
গুৱাহাটী আৰক্ষীৰ প্ৰথম সন্দেহ উপজিল শিশুটিৰ মাতৃ আৰু জিতুমণি হালৈ নামৰ এজন লোকৰ ওপৰত। কাৰণ শিশুটিৰ পিতৃয়ে যেতিয়া এজাহাৰ দাখিল কৰিছিল তেতিয়াই আৰক্ষীক জনাইছিল এক বিস্ফোৰক তথ্য। সেই তথ্য অনুসৰি শিশুটিৰ মাতৃ দীপালী ৰাজবংশী আৰু জিতু মণি হালৈ মাজত আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। দীপালী আৰু জিতু মণিৰ প্ৰেমৰ সম্পৰ্ক জ্ঞাত হোৱাৰ পিছৰ পৰা পৃথকে থাকিবলৈ লৈছিল শিশুটিৰ পিতৃয়েই। বিগত ৪ বছৰে মাতৃৰ লগতে আছিল ১০ বছৰীয়া শিশুটি।
সন্দেহ কৰা ধৰণেই মৃত শিশুটি জয়ানগৰৰ পৰা নিৰুদ্দিষ্ট মৃন্ময় ৰাজবংশী বুলি চিনাক্ত হয়। আনফালে আৰক্ষীৰ বেহুত পৰা জিতু মণি হালৈয়ে ইতিমধ্যে স্বীকাৰ কৰিছিল ১০ বছৰীয়া দেৱশিশুটি হত্যা কৰাৰ কথা। আৰু মাত্ৰ কেইঘণ্টামান ভিতৰতে ফাদিল হ’ল গুৱাহাটীৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ ৰহস্য। আৰক্ষীৰ তদন্ত আঁৰ কাপোৰ আঁতৰিল ৰহস্যঘন হত্যাকাণ্ডৰ।
লগতে পঢ়ক : Woman Kills 5-Year-Old Son : মমতাময়ী মাতৃ যেতিয়া হত্যাকাৰী হয়