Local, Vocal, Global

WATCH | Sensational incident : সাপটগ্ৰামত মগনীয়া মহিলাক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ

বিলাসীপাৰা,১৬এপ্ৰিল : ধুবুৰী জিলাৰ সাপটগ্ৰামত এক জঘণ্য কাণ্ডই লজ্জিত কৰিছে সমগ্ৰ সাপটগ্ৰাম অঞ্চল। চৰকপূজাৰ নিশাই দুই পাশণ্ড যুৱকে এগৰাকী অসহায় মগনীয়া মহিলাক অপহৰণ কৰি সাপটগ্ৰাম নিকটৱৰ্তী গেছ গোডাউনৰ ওচৰত থকা পথাৰত লৈ যায় আৰু তাতে ধৰ্ষণৰ চেষ্টা কৰে।

লম্পট দুজনে এখন বাইক আৰু এখন টোটোৰে অপহৰণৰ সময়ত চিঞৰ শুনে কেইজনমান স্থানীয় লোকে আৰু প্ৰত্যক্ষ কৰি সাপটগ্ৰাম থানাত অৱগত কৰে যাৰ ফলত সাপটগ্ৰাম থানাৰ আৰক্ষী বিষয়া পুৰুষোত্তম সিংহ আৰু তাৰ সহযোগীয়ে অসংযত অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে বুলি প্ৰকাশ কৰে(Sensational incident)।

তাৰ পাছতে আৰক্ষীয়ে লম্পট দুজনক আটক কৰি সোধ পোচ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে। অপহৰণ কৰা বাইক খনৰ নম্বৰ AS16K 9807 আৰু টোটো খন নম্বৰ বিহীন বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Dergaon News : মুৰ্মূষ অৱস্থাত উদ্ধাৰ দেৰগাঁৱৰ জেলমনি গাঁৱৰ বিশাল দাস