Local, Vocal, Global

Sensational Incident : মমতাময়ীৰ পাশৱিকতা ! নৱজাতকক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে

চতিয়া,১জুন : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে। মাতৃ মমতাৰ মূৰ্ত প্ৰতীক। কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া পাশৱিক হয় ! সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা(Sensational Incident)।

সন্তানৰ লগত অনৈতিক কাম কৰোতে যেতিয়াই নকঁপে মাতৃৰ দুই হাত। এগৰাকীয়ে মাতৃয়ে নিজৰ কণমানী সন্তানক খুৱাই দিলে মদ ।

মমতাময়ীৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে চতিয়াত । চতিয়াত নিজৰ এমাহ ২২ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে । চতিয়াৰ ১ নং আদাভেটিৰ ছফিকুল ইছলামৰ দ্বিতীয় পত্নী মাছিদা খাতুনে নিজৰ এমাহ ২২ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ আনিছে মহিলা গৰাকীৰ স্বামীৰ লগতে স্থানীয় লোকে ।

উল্লেখ্য যে, শনিবাৰে পুৱা প্ৰায় ৫ মান বজাত শিশুটিক মৃত অৱস্থাত পৰি থকা দেখিছিল ছফিকুলে । তাৰ পিছতে ঘটনা সন্দৰ্ভত গাওঁৰক্ষী বাহিনীৰ সম্পাদকক অৱগত কৰে । পিছত ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে পিতৃ মাতৃকো থানালৈ আনি জেৰা অব্যাহত ৰাখে ৷

লগতে পঢ়ক : Yemen’s Houthis ‘attack’ US carrier after deadly strikes : আমেৰিকাৰ বিমান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথি বিদ্ৰোহীৰ