Sensational incident:পুনৰ ভাড়া ঘৰৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

নিউজ ডেস্ক,১৮জানুৱাৰী : পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা । পুনৰ ভাড়া ঘৰৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ।
উদ্ধাৰ হোৱা ছাত্ৰজন দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰাৰ বুলি চিনাক্ত কৰা হৈছে। মৃত অনিমেষ বৰা গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।
খবৰ অনুসৰি বিহুৰ বন্ধত ঘৰলৈ গৈছিল অনিমেষ। বিহু অন্ত পৰাত পুনৰ গুৱাহাটীৰ ভাড়া ঘৰলৈ ঘূৰি আহিছিল ছাত্ৰজন। কিন্তু পৰৱৰ্তী সময়ত ভাড়াঘৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মনিমেষৰ মৃতদেহ। পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ছাত্ৰজনক(Sensational incident)।
অৱশ্যে এয়া হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়া আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে জানিব পৰা যাব।
লগতে পঢ়ক :Actor Aman Jaiswal Death:এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল অভিনেতা অমন জয়ছোৱালৰ