Israeli government approves ceasefire deal : হামাছৰ সৈতে যুদ্ধবিৰতি আৰু পণবন্দী মুক্তি চুক্তিত অনুমোদন ইজৰাইল চৰকাৰৰ

নিউজ ডেস্ক,১৮জানুৱাৰী : হামাছৰ সৈতে যুদ্ধবিৰতি আৰু পণবন্দী মুক্তি চুক্তিত অনুমোদন ইজৰাইল চৰকাৰৰ । টাইমছ অব ইজৰাইলৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰে। কেবিনেটত ২৪-৮ ভোটৰ ব্যৱধানত চুক্তিখন অনুমোদিত হয় । শনিবাৰে পুৱাৰ ভাগতে চুক্তিখন কেবিনেটত অনুমোদিত হয়। দেওবাৰে এই চুক্তি কাৰ্যকৰী হ’বলৈ সাজু(Israeli government approves ceasefire deal with Hamas to free hostages)।
উল্লেখ্য যে এই চুক্তিখনৰ উদ্দেশ্য হৈছে গাজাত যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায় আৰম্ভ কৰা । এই চুক্তিয়ে ইজৰাইলী পণবন্দী আৰু পেলেষ্টাইনী বন্দী দুয়োকে মুক্তি দিয়াত সহায় কৰিব । টাইমছ অব ইজৰাইলে লগতে প্ৰকাশ কৰিছে যে চৰকাৰে চুক্তিখনত অনুমোদন জনোৱাৰ ক্ষেত্ৰত চুক্তিৰ বিৰোধীসকলে পেলেষ্টাইনী নিৰাপত্তা বন্দীসকলৰ মুক্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে । কিন্তু আদালতে ইয়াত হস্তক্ষেপ কৰাৰ সম্ভাৱনা নাই(Israeli government approves ceasefire deal with Hamas to free hostages) ।
শুকুৰবাৰে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে হামাছৰ সৈতে বন্দী মুক্তি-যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায় আৰু ইয়াক গ্ৰহণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে । ইফালে ইজৰাইল চৰকাৰৰ বন্দী আৰু নিৰুদ্দিষ্ট ব্যক্তি সমন্বয় গোটে গাজা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম পৰ্যায়ত মুক্তি পাব বুলি আশা কৰা ৩৩ গৰাকী ইজৰাইলী পণবন্দী পৰিয়ালক শুকুৰবাৰে অৱগত কৰে।
অৱশ্যে ইজৰাইলক এইটো কোৱা হোৱা নাই যে মুক্তি দিবলগীয়া ৩৩ গৰাকী বন্দীৰ ভিতৰত কিমানগৰাকী জীয়াই আছে । কিন্তু ইজৰাইলে আশা কৰিছে যে সংখ্যাগৰিষ্ঠ লোক জীয়াই আছে । আনহাতে, যুদ্ধবিৰতিৰ সাত দিনৰ ভিতৰত ইজৰাইলে নিৰুদ্দিষ্ট বা বন্দী তালিকাত থকা লোকসকলৰ সম্পূৰ্ণ স্থিতি প্ৰতিবেদন লাভ কৰিব ।
অৱশ্যে মুক্তিৰ আদেশ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই । টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, প্ৰত্যেকগৰাকী বন্দীৰ মুক্তিৰ ২৪ ঘণ্টা পূৰ্বে তেওঁলোকৰ পৰিচয় প্ৰদান কৰা হ’ব বুলি আশা কৰা হৈছে ।
ইফালে ইজৰাইলে কয় যে প্ৰথম পৰ্যায়ত ৩৩ গৰাকী বন্দীক মুক্তিৰ বাবে নিৰ্ধাৰণ কৰাৰ উপৰি বৰ্তমান গাজাত আৰু ৬৫ গৰাকী ব্যক্তি পণবন্দী হৈ আছে । ইয়াৰে ভিতৰত কমেও ৩৬ গৰাকীৰ মৃত্যু নিশ্চিত কৰা হৈছে । এতিয়া চুক্তি ৰূপায়ণৰ প্ৰথম পৰ্যায় আগবাঢ়ি অহাৰ লগে লগে পৰৱৰ্তী আলোচনাত অৱশিষ্ট বন্দীসকলক মুক্তি দিয়া, যুদ্ধৰ সমাপ্তি আৰু গাজাৰ ভৱিষ্যত পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হ’ব ।
উল্লেখ্য যে নেতান্যাহুৰ অতি সোঁপন্থী মিত্ৰজোঁটৰ মিত্ৰশক্তিয়ে তেওঁক এই যুদ্ধৰ অন্ত পেলাবলৈ সন্মত নহ’বলৈ হেঁচা প্ৰয়োগ কৰিছে । কিয়নো বাকী ৬৫ গৰাকী বন্দীৰ পৰিয়ালে দ্বিতীয় পৰ্যায় কেতিয়াও কাৰ্যকৰী নহ’ব বুলি আশংকা কৰিছে । যাৰ ফলত তেওঁলোকৰ প্ৰিয়জন সন্ত্ৰাসবাদী সংগঠনটোৰ হাততে থাকি যাব পাৰে ।
উল্লেখ্য যে চুক্তিৰ চূড়ান্ত বাধাবোৰ আঁতৰ কৰাৰ পিছত ইজৰাইল আৰু হামাছৰ আলোচনাকাৰী দলে শুকুৰবাৰে আৰম্ভণিতে ডোহাত এই চুক্তি স্বাক্ষৰ কৰে । আনহাতে, আলোচনাত প্ৰধান মধ্যস্থতাকাৰী আমেৰিকা আৰু কাটাৰ দুয়োপক্ষই বুধবাৰে ঘোষণা কৰে যে হামাছৰ ২০২৩ চনৰ ৭ অক্টোবৰ তাৰিখে সংঘটিত আক্ৰমণৰ ফলত গাজাত ১৫ মাহ ধৰি চলি থকা যুদ্ধৰ সমাপ্তিৰ বাবে এক চুক্তি প্ৰস্তুত কৰা হৈছে । এই যুদ্ধৰ ফলত ১২০০ ৰো অধিক নাগৰিক নিহত হৈছে আৰু ২৫০ জনৰো অধিক লোকক বন্দী কৰি ৰখা হৈছে । ইয়াৰে ভিতৰত প্ৰায় ১০০ জন এতিয়াও বন্দী হৈ আছে ।
আনহাতে, হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছক লক্ষ্য কৰি এক বৃহৎ প্ৰত্যাক্ৰমণ আৰম্ভ কৰে । অৱশ্যে এই প্ৰত্যাক্ৰমণত সৰ্বাধিকসংখ্যক অসামৰিক লোক হত্যাৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত ইজৰাইল কেইবাটাও মানৱতাবাদী গোটৰ সমালোচনাৰ সন্মুখীন হয় । গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, গাজাত ৪৫,০০০ ৰো অধিক লোক নিহত হৈছে । ইয়াৰে অৰ্ধেক সংখ্যকেই মহিলা আৰু শিশু ।
লগতে পঢ়ক :Sensational incident:পুনৰ ভাড়া ঘৰৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ