Local, Vocal, Global

Sensational incident: গহপুৰৰ আৱৰ্ত ভৱনত যুৱতীৰ মৃতদেহ উদ্ধাৰ

গহপুৰ,৭জানুৱাৰী : গহপুৰৰ আৱৰ্ত ভৱনত যুৱতীৰ মৃতদেহ উদ্ধাৰ । মঙলবাৰে প্ৰায় ৭মান বজাত শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।

জানিব পৰা মতে,মৃত যুৱতীগৰাকী গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ বনকৰা হিচাপে থাকে। যুৱতীগৰাকী গহপুৰ কনীবড়ী গাঁৱৰ ২০ বছৰীয়া সংগীতা তাঁতি।কালি যুৱতীগৰাকী ককায়েকে আৱৰ্ত ভৱনত থৈ গৈছিল ।আজি পুৱা ৭ বজাত আৱৰ্ত ভৱনত শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহকুমা ন্যায়িক দণ্ডাধীশ তালাত নচৰৎ জাবিনৰ বদলিকৰণ হৈছিল হোজাইলৈ আৰু আজি পুৱা তেওঁলোক যাবলৈ সাজু হওঁতেই এই ঘটনা পোহৰলৈ আহে। দণ্ডাধীশগৰাকীৰ সৈতে হোজাইলৈ যোৱাৰ কথা আছিল যুৱতীগৰাকীও(Sensational incident)।

প্ৰাথমিক পৰ্যায়ৰ তদন্তত যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাৰ পিছতেই আৱৰ্ত ভৱনৰ পৰা মহকুমা ন্যায়ধীশগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ আঁতৰি যায়।ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ তেজপুৰ মেডিকেল কলেজলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ পিছতে পোহৰলৈ আহিব যুৱতীগৰাকীৰ মৃত্যু কাৰণ । বৰ্তমান সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত।

লগতে পঢ়ক :Umrangso coal mine tragedy: অব্য়াহত আছে উমৰাংছুৰ কয়লাখনিত উদ্ধাৰ অভিযান