Local, Vocal, Global

Section 163 imposed in Tinsukia : তিনিচুকীয়া জিলাত ১৬৩ ধাৰা জাৰি

তিনিচুকীয়া,১অক্টোবৰ : তিনিচুকীয়া জিলাত ভাৰতীয় নাগৰিকৰ সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি।

কোনো জনপ্ৰতিনিধিৰ ব্যক্তিগত গৃহ ঘেৰাও কৰিব নোৱাৰিব কোনো দল-সংগঠনে ।

ব্যক্তিগত গৃহৰ সন্মুখত যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত‌ নিষেধাজ্ঞা জিলা প্ৰশাসনৰ(Section 163 imposed in Tinsukia)।

অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত উলিয়াব নোৱাৰিব প্ৰতিবাদী সমদল ।

জিলাখনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধতো নিষেধাজ্ঞা প্ৰশাসনৰ ।

জিলাখনৰ আইন-শৃংখলা ৰক্ষাৰ বাবে এই নিৰ্দেশাৱলী জাৰি কৰিছে আয়ুক্ত স্বপ্নীল পালে।

কোনোৱে নিৰ্দেশনা অৱমাননা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ‌ অধীনত সন্মুখীন হ’ব লাগিব আইনী ব্যৱস্থাৰ ।

একাংশই জিলাখনৰ আইন-শৃংখলা বিঘ্নিত কৰিবলৈ চেষ্টা কৰি অহা বুলি আশংকা ব্যক্ত জিলা প্ৰশাসনৰ।

লগতে পঢ়ক : School bus catches fire in Thailand : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছত অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ হৈ শিক্ষাৰ্থীসহ ২৫জনৰ মৃত্যু