Tragic incident in Abhayapuri : মানাহ নৈৰ খহনীয়াৰ কৱলত পৰি মৃত্যু এজন লোকৰ
অভয়াপুৰী,১অক্টোবৰ : মানাহ নৈৰ খহনীয়াৰ কৱলত পৰি মৃত্যু এজন লোকৰ । অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো ।
জানিব পৰা মতে,বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লতিবাৰী তৃতীয় খণ্ডত মানাহ নৈৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰা এটা মছজিদৰ সা- সামগ্ৰী উদ্ধাৰ কৰিবলৈ গৈছিল আনোৱাৰ হুছেইন (৫০) নামৰ লোকজনে ।
মঙলবাৰে পুৱাৰ ভাগত গাঁৱখনৰ আন আন লোকৰ সৈতে আনোৱাৰেও মছজিদৰ সা- সামগ্ৰী উদ্ধাৰ কৰি থাকোতে হঠাতে মছজিদৰ এটা অংশ খহনীয়াই উটুৱাই লৈ যোৱাত মছজিদৰ এটা লিনটাৰ ছিঙি আহি আনোৱাৰ হুছেইন ওপৰত পৰে ফলত থিতাতে নিহত হয় আনোৱাৰ হুছেইন(Tragic incident in Abhayapuri)।
পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি জনৰ মৃত্যুত পৰিয়ালটো নিঠৰুৱা হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে।
লগতে পঢ়ক : Section 163 imposed in Tinsukia : তিনিচুকীয়া জিলাত ১৬৩ ধাৰা জাৰি