Section 144 imposed in Guwahati: আৰক্ষীৰ কামকাজত বাধা নহ’বৰ বাবে গুৱাহাটীত জাৰি ১৪৪ ধাৰা
গুৱাহাটী, ২১ মে’: জনসাধাৰণৰ শান্তিপূৰ্ণ চলাচল আৰু আৰক্ষী আয়ুক্তৰ অধীনস্থ কাৰ্যালয়ৰ স্বাভাৱিক কাম-কাজ সুনিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে (144 of CrPC imposed in Guwahati)।, শনিবাৰে মহানগৰ আৰক্ষীৰ উপ আৰক্ষী আৰক্ষী উপ আয়ুক্ত ইমদাদ আলী স্বাক্ষৰিত এক বিবৃতিৰ জড়িয়তে এই নিৰ্দেশনা জাৰি কৰিছে ।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, “গুৱাহাটীত জনসাধাৰণৰ শান্তিপূৰ্ণ চলাচল, যান-বাহন আৰু স্থানীয় বাসিন্দাসকলৰ স্বাভাৱিক জীৱনযাত্ৰা আৰু গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ অধিকাৰ ক্ষেত্ৰৰ কাম-কাজ সুনিশ্চিত কৰা (Police commissionerate functioning)ৰ বাবে CRPC(ফৌজদাৰী বিধি সংহিতা)ৰ ১৪৪ নং ধাৰাত নিষেধাজ্ঞাৰ আদেশ জাৰি কৰা হৈছে”।
আৰক্ষী উপ আয়ুক্ত (এডমিন) ইমদাদ আলীয়ে জাৰি কৰা নিৰ্দেশনাৰ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, পাঁচজনতকৈ অধিক লোকৰ সমাৱেশ আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত শ্লোগান দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Guwahati Police Commissionerate) । তাৰোপৰি গুৱাহাটী আৰক্ষী আয়ুক্তৰ অন্তৰ্গত তিনিখন আৰক্ষী জিলাক সামৰি সমগ্ৰ গুৱাহাটীত পাঁচজনতকৈ অধিক লোকৰ সমাবেশ আৰু শোভাযাত্ৰা আৰু শ্লোগান দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।” বিবৃতিটোত এই কথাও সংযোগ কৰা হৈছে ।
ডিচিপিৰ স্বাক্ষৰীত নিৰ্দশনাটোত উল্লেখ কৰিছে এইদৰে, “ধাৰণা কৰা হৈছে যে একাংশ নিৰ্দিষ্ট অথবা অনিৰ্দিষ্ট ব্যক্তি বা ব্যক্তিৰ গোট বা সংগঠন/সংঘই কাৰ্যালয়ৰ স্বাভাৱিক কাম-কাজ, জনসাধাৰণৰ চলাচল আৰু যিকোনো অংশৰ যাতায়তৰ প্ৰবাহত ব্যাঘাত জন্মাব পাৰে । গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনস্থ যিকোনো স্থানত আন্দোলন/বিক্ষোভ/চিঞৰ-বাখৰেৰে শ্লোগান দিয়াৰ পৰিকল্পনা কৰা বুলিও আশংকা কৰা হৈছে ।”
লগতে পঢ়ক: Vande Bharat Express: অতি শীঘ্ৰে উত্তৰ পূৱলৈ বন্দে ভাৰত এক্সপ্ৰেছ