Local, Vocal, Global

International Tea Day 2023 : সকলোৰে প্ৰিয় পানীয় চাহৰ উপকাৰিতাৰ বিষয়ে জানো আহক

নিউজ ডেস্ক, ২১ মে’: বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, কেনিয়া, মালাউই, মালয়েছিয়া, উগাণ্ডা, ভাৰত আৰু তাঞ্জানিয়াৰ দৰে বিভিন্ন দেশে প্ৰতি বছৰে ১৫ ডিচেম্বৰৰ এই দিনটোত পালন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস (International Tea Day 2023 )। বিশ্বত পানীৰ পিছতে দ্বিতীয় সৰ্বাধিক পান কৰা কৰা পানীয়বিধেই হৈছে চাহ । অধিকাংশ লোকেই চাহক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈ আহিছে । বৰ্তমান সময়ত চাহৰ সৰ্বাধিক ৰপ্তানি কৰা দেশ হিচাপে চিহ্নিত হৈছে চীন । ভাৰতৰ চাহ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি আমাৰ দেশত উৎপাদিত মুঠ চাহৰ প্ৰায় ৮০ শতাংশ ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় (why do we celebrate international tea day ?) ।

  • জানো আহক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ ইতিহাস

২০০৫ চনত ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস অনুষ্ঠিত কৰা হৈছিল(Delhi celebrated International Tea Day for first time)। ইয়াৰ পিছত ২০১৫ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস বিশ্বজুৰি সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু প্ৰতিবছৰৰ ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ২১ মে’ৰ এই দিনটোত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰাৰ মূল কাৰণ হ’ল, চাহ উৎপাদনকাৰী দেশসমূহৰ অধিকাংশতে মে’মাহৰ পৰা চাহ উৎপাদনৰ বতৰ আৰম্ভ হয় (History of International Tea Day) ।

  • চাহ কি জানেনে ?

চাহ হৈছে কেমেলিয়া চিনেন্সিছ(বৈজ্ঞানিক নাম) নামৰ এবিধ উদ্ভিদৰ পৰা উৎপাদিত এবিধ পানীয় । বিশ্বৰ ভিতৰতে পানীৰ পিছতে স্থান পোৱা দ্বিতীয় সৰ্বাধিক পানীয়বিধেই হৈছে চাহ (Tea is second largest beverage in the world after water) । ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, উত্তৰ ম্যানমাৰ, দক্ষিণ-পশ্চিম চীনত চাহৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হৈছে যদিও এইবিধ উদ্ভিদ প্ৰথমে ক’ত উৎপন্ন হৈছিল সেয়া অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই ।

আমাৰ দেশত চাহৰ প্ৰচলন বহুদিনৰ পূৰ্বৰে পৰাই হৈ আহিছে (International Tea Day Significance)। ইফালে ৫০০০ বছৰৰ আগতেই চীনত চাহ পান কৰা বুলি প্ৰমাণ পোৱা গৈছে । এই পানীয়বিধত থকা এন্টি-ইনফ্লেমেটৰী, এন্টি-অক্সিডেন্ট আৰু ওজন কমাব পৰা গুণাগুণৰ বাবে দেহৰ উপকাৰ আৰু সুস্থতা বৰ্তাই ৰাখিব পাৰি । স্থানভেদে বিভিন্ন সমাজত আছে ইয়াৰ সাংস্কৃতিক তাৎপৰ্য ।

  • চাহ খোৱাৰ সুবিধাবোৰ জানেনে ?

চাহৰ উপকাৰীতাক লৈ জীৱ-জন্তুৰ ওপৰত কৰা শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে, চাহ খালে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে (Health benefits of tea)। তাৰোপৰি চাহত আছে শৰীৰৰ বিভিন্ন অংশত সৃষ্টি হোৱা ৰঙা পৰা, উখহা, বিষ, গৰমভাৱ আৰু কাৰ্য্যবিচ্যুতিৰ দৰে বিভিন্ন প্ৰদাহ নিবাৰণকাৰী গুণ ৷

  • চাহে শৰীৰক শক্তি প্ৰদান কৰে

অধিকাংশ লোকেই পুৱাই খালী পেটত একাপ গাখীৰৰ চাহ খায় ভাল পায়; কিন্তু খালী পেটত গাখীৰ দি বনোৱা চাহ খোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । কিন্তু যদি আপুনি আন যিকোনো সময়ত গাখীৰৰ চাহ খায়, তেন্তে ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰিব ।

  • চাহে মানসিক চাপো হ্ৰাস কৰে

মূৰৰ বিষ অথবা মানসিক চাপ অনুভৱ হ’লে যদি সেই সময়ত একাপ গাখীৰৰ চাহ খোৱা যায় তেন্তে যথেষ্টখিনি সকাহ পোৱা যায় । গাখীৰৰ চাহত কেফেইন থাকে, যাৰ ফলত শৰীৰ সতেজ হৈ থকাৰ লগতে মানসিক চাপৰ পৰাও উপশম পোৱা যায় । ইয়াৰ বাবে আপুনি নিশ্চিতভাৱে গাখীৰৰ চাহ খাব পাৰে । তাৰোপৰি গাখীৰৰ চাহ শৰীৰৰ ওজন হ্ৰাসৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হৈছে । গাখীৰৰ চাহত প্ৰচুৰ পৰিমানে পলিফিনল আৰু কেফেইন পোৱা যায় আৰু এই যৌগবোৰে ওজন কমোৱাত আপোনাক বহুখিনি সহায় কৰিব পাৰে । গাখীৰৰ চাহ খোৱাৰ পিছত দীৰ্ঘ সময়লৈ ভোক অনুভৱ নহয় আৰু ই ওজন হ্ৰাস হোৱাত সহায় কৰে ।

লগতে পঢ়ক: Summer healthy foods:উন্নত যৌন জীৱনৰ বাবে গ্ৰহণ কৰক এই খাদ্যাভ্যাস