Section 144 has been imposed in Morigaon : মৰিগাঁও জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা

নিউজ ডেস্ক,১৩জুন : মৰিগাঁও জিলাত ১৪৪ ধাৰা জাৰি । ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।ৰাজহুৱা শান্তি-সম্প্ৰীতি ভংগ কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা ।
জানিব পৰা মতে,কোনো ৰাজহুৱা স্থানত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত বাধা প্ৰদান কৰাৰ লগতে অৰ্ধ-সামৰিক বাহিনীৰ বাহিৰে অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদ, প্রাণঘাতী অস্ত্ৰ আদি অন্য লোকৰ দ্বাৰা কঢ়িয়াই নিয়াত নিষেধাজ্ঞা জাৰি কৰিছে(Section 144 has been imposed in Morigaon) ।
নিষেধাজ্ঞা জাৰি কৰা হৈছে অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা বা সমাৱেশ অনুষ্ঠিত কৰা বা সমদল উলিওৱা, লাউড স্পীকাৰ, মাইক্ৰফোন আদি ব্যৱহাৰ কৰা আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউড স্পীকাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ লগতে কাৰোবাক দোষী সাব্যস্ত কৰি পোষ্টাৰ বা বেনাৰ লগোৱা আৰু সাম্প্ৰদায়িক তথা ভাষিক সম্প্ৰীতি বিনষ্ট কৰিব পৰা প্ৰৰোচনামূলক শ্ল’গান দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
ৰাজহুৱা স্থানত কোনো ব্যক্তিৰ দ্বাৰা কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে অৰুচিকৰ বা শত্ৰুতা প্ৰকাশ কৰিব পৰা কাৰ্য সম্পন্ন কৰা, যি কাৰ্যই ধৰ্মীয়, ভাষিক আৰু নৃ-গোষ্ঠীয় সমন্বয়ত বাধাৰ সৃষ্টি কৰাৰ আশংকা থাকে, তেনে কাৰ্য নিষিদ্ধ কৰা হৈছে। জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
লগতে পঢ়ক : Elephant menace in Mariani : মৰিয়নীত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ;ভাঙি লণ্ডভণ্ড বাসগৃহ,সা-সামগ্ৰী