Massive fire breaks out at Cachar : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সম্পত্তি

নিউজ ডেস্ক,১৩জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ।
কাছাৰৰ লক্ষীপুৰৰ লালাঙত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ।
জানিব পৰা মতে, লালাং গাঁৱৰ নুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত পুৱতি নিশা হঠাৎ জুইৰ সূত্ৰপাত হয় । পৰিয়ালৰ লোকে উমান পোৱাৰ পূৰ্বেই জুইৰ লেলিহান শিখাই ছানি ধৰে সম্পূৰ্ণ ঘৰটো । চুবুৰীয়াসকলে জুই প্ৰত্যক্ষ কৰাৰ লগে লগে লক্ষীপুৰৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে(Massive fire breaks out at Cachar ) ।
স্থানীয় লোকে অভিযোগ কৰা মতে বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় । যাৰ বাবে ঘৰটো জুইত সম্পূৰ্ণ ভস্মীভূত হয় । ইফালে পৰিয়ালটোৱে জনোৱা মতে তেওঁলোকৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হৈছে । বহু গুৰুত্বপূৰ্ণ নথিও ভস্মীভূত হৈছে ।
লগতে পঢ়ক : Section 144 has been imposed in Morigaon : মৰিগাঁও জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা