Local, Vocal, Global

HSLC Compartmental exam: HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ঘোষণা

গুৱাহাটী, ১৩জুন : ২২ মে’ত ঘোষণা হৈছিল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ৰাজ্যৰ মুঠ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।এইবাৰ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী(HSLC Compartmental exam) ৷
শেহতীয়াকৈ ঘোষণা কৰা হৈছে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সময়সূচী ৷

আগন্তুক ৪ জুলাইৰ পৰা ৮ জুলাইলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ(HSLC Compartmental exam) ৷ ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ সময়সূচী ৷

৪ জুলাইৰ পুৱা ৯ বজাৰ‌ পৰা ১২ বজালৈকে অনুষ্ঠিত হ’ব মাতৃভাষাৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা ।

৫ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব হিন্দী আৰু এডভান্স মেথেমেটিকছ বিষয়ৰ পৰীক্ষা ।

৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা ।

৭ জুলাইৰ পুৱা ৯ বজাৰ‌‌ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব কম্পিউটাৰ চায়েন্স, আৰবীক আৰু পাৰ্চীয়ান ভাষাৰ পৰীক্ষা ।

৮ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ইতিহাস আৰু ঐচ্ছিক অসমীয়া বিষয়ৰ পৰীক্ষা ।

লগতে পঢ়ক : Guwahati Water pipe explosion : পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ